কৌপাটীত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আমছুৰ

koupati

দলগাৱঁৰ প্রতিবেদক : :

সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বৃহত্তৰ দলগাঁও আৰু কৌপাটী অঞ্চলৰ পৰা সুখ্যাতিৰে হোৱা শিক্ষাৰ্থী সকলক আজি আমছুৱে সম্বৰ্ধনা জনায়। কৌপাটী আঞ্চলিক আমছুৰ উদ্যোগত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে দৰং আমছুৰ উপ-সভাপতি ছাব্বিৰ আহমেদে। উক্ত সভাত অঞ্চলটোৰ প্ৰায় ৬৫ জনকৈ ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। ইফালে, কৌপাটী বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা শ্ৰীমতী ললিতা দেৱীয়ে কৌপাটী বল্লভভাই পেটেল পৰীক্ষা কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নম্বৰ পোৱা শিক্ষাৰ্থীক এইবছৰৰ পৰা আৰম্ভ কৰা প্ৰয়াত দীপ্তি শৰ্মা ন্যাস সোঁৱৰণী বঁটা আগবঢ়ায়।koupati2

উক্ত অনুষ্ঠানত আমছুৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, ওদালগুৰি জিলা আমছুৰ উপদেষ্টা মোছাবিৰুল ইছলাম, আঞ্চলিকৰ সভাপতি হবিবুৰ ৰহমান, কাৰ্যকৰী সভাপতি খাইৰুল বাশ্বাৰ, সাধাৰণ সম্পাদকদ্বয় ক্ৰমে আক্ৰামূল আৰু আছাদুল্লাহ, দৰং আমছুৰ সভাপতি আলাপ উদ্দিন, আশ্বিক মাতবৰ জিলা ও আঞ্চলিকৰ অন্যান্য সদস্য সকল, কৌপাটী বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কুঞ্জ দেৱী, শ্যামপুৰ জিলা পৰিষদৰ প্ৰাক্তন সদস্য আঃ লতিফ মণ্ডল, কৌপাটী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ লুটন সৰকাৰ প্ৰমূখ্যে বহু গণ্যমান্য লোক উপস্থিত থাকি শিক্ষাৰ্থী সকলক উদ্দেশ্যি মূল্যবান বক্তব্য আগবঢ়ায়।

Your Comments