ভাৰতত ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পাইছে, ধৰ্মই মানুহক ভাগ ভাগ কৰিছে:  ড০ লক্ষীনন্দন বৰা

sibsagar

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ

বৰ্তমানৰ পৃথিৱীত  ধৰ্মৰ যথেষ্ট বিৰোধ ঘটিছে। ধৰ্মীয় মৌলবাদীসকল বিশ্বৰ এটা প্ৰধান সমস্যা হৈ পৰিছে। ভাৰততো ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পাইছে,  ধৰ্মই মানুহক ভাগ ভাগ কৰিছে, দেশত হিংস্ৰতা বৃদ্ধি পাইছে আৰু জাতীয় সংহতি অটুত ৰখাৰ ক্ষেত্ৰত ধৰ্মই অৰিহণা যোগাব পৰা নাই। গতিকে বৰ্তমান সময়ত শংকৰ দেৱে প্ৰচাৰ কৰা ধৰ্মৰ প্ৰয়োজন হৈ পৰিছে। শংকৰী ধৰ্মই হে এনে সমস্যা দূৰ কৰিব পাৰে। এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষীনন্দন বৰাৰ। মংগলবাৰে শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ মহাবিদ্যালয়ত অনুষ্ঠিত অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতা অনুষ্ঠানত অংশ লৈ  সাহিত্য সভাৰ প্ৰাক্তন সভাপতিজনে এই মন্তব্য কৰে। সাম্প্ৰতিক কালত শংকৰদেৱৰ প্ৰাসংগিকতা আৰু পুনঃপ্ৰতিষ্ঠাৰ প্ৰচেষ্ঠা শীৰ্ষক বক্তৃতানুষ্ঠানত তেওঁ আৰু কয়, শংকৰদেৱৰ ধৰ্ম হল সমন্বয়, ঐক্য- সম্প্ৰীতি আৰু মানৱীয় গুণৰ অধিকাৰী এক বিৰল ধৰ্ম। বৰ্তমানৰ সময়ত এই ধৰ্মৰ প্ৰাসংগিকতা বৃদ্ধি পাই আহিছে। শংকৰদেৱৰ ধৰ্মত সাম্প্ৰদায়িকতা নাই, জাতি ভেদ নাই, নাই উচ্চ নীচৰ ভেদাভেদ। নিৰিহ-নিপানী লোকৰ হিতসাধন কৰাই ইয়াৰ লক্ষ্য। ই এক উদাৰ মানৱ ধৰ্ম আৰু সাম্যবাদী ধৰ্ম। এই ধৰ্মৰ লোকসকলে সকলোকে সমমৰ্য্যদা দিয়ে আৰু সকলোৰে সমানে বৈষয়িক, আধ্যাত্মিক উন্নতি হোৱাটো বিচাৰে।  নিদিষ্ট বক্তাজনে আৰু লগতে কয়, কোনো কোনো অসমীয়া পণ্ডিত আৰু ধৰ্ম ব্যৱসায়ীয়ে শংকৰদেৱৰ ধৰ্মত নাৰীয়ে উপযুক্ত স্থান পোৱা নাই বুলি ক’ব বিচাৰে আৰু ব্ৰাহ্মণক শৰণ দিয়া নাছিল বুলি অপব্যাখ্যা চলাইছে। সেই সম্পৰ্কত তেওঁ কয়,  এই ধৰ্মত নাৰীসকলক ধৰ্ম চৰ্চাৰ পৰা বঞ্চিত কৰা নাছিল আৰু তেওঁলোকে সংগীত চৰ্চাও কৰিছিল। kalyan

তেওঁ কয় শংকৰদেৱৰ নাতিনী কনকলতাই বিলুপ্তিপ্ৰায় বৰদোৱা থান পুনৰ নিৰ্মাণ কৰাইছিল। শংকৰদেৱে ব্ৰাহ্মণক শৰণ নিদিয়াটো মনে সজা। শংকৰদেৱে ৰাম ৰাম গুৰু, অনন্ত কন্দলী, দামোদৰ দেৱ আৰু হৰি দেৱক শৰণ দিছিল। এই আটাইকেইজন ব্ৰাহ্মণ আছিল বুলি তেওঁ মন্তব্য কৰে৷

অনুষ্ঠানত ড০ লক্ষীনন্দন বৰাই শৰৎ মহন্তৰ জীৱন আৰু কৰ্মৰ বিষয়ে আলোকপাত কৰি কয়, শৰৎ মহন্তৰ ইতিহাসৰ ব্যাখ্যাত মৌলিকতা আছিল। তেওঁ উজনি অসমৰ এজন সক্ৰিয় ব্যক্তি আছিল। 

শিৱসাগৰ প্ৰেছ ক্লাৱে আয়োজন কৰা এই অনুষ্ঠানৰ সভাপতিত্ব কৰে গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যাপক ড০ সব্যসাচী মহন্তই। অনুষ্ঠানটোৰ আঁত ধৰে শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক উনামূল হাজৰিকাই। অনুষ্ঠানত শিৱসাগৰ কলেজৰ অধ্যক্ষ ড০ প্ৰফুল্ল কলিতা,  শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা,  বিদ্যালয়সমুহৰ সংমণ্ডল পৰিদৰ্শক আব্দুল জেজিল, শৰৎ মহন্তৰ সহধৰ্মিনী মিনা মহন্ত, জেষ্ঠ্য পুত্ৰ পাৰ্থসাৰথি মহন্তকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থাত থাকে। 

উক্ত অনুষ্ঠানতে শৰৎ মহন্তৰ কন্যা ড০ উপাসনা মহন্তই পৰিচালনা কৰা শৰৎ মহন্ত শৈক্ষিক ন্যাসে প্ৰতিবছৰৰ দৰে ৰংপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা অনন্যা দত্তক শৈক্ষিক বঁটা প্ৰদান কৰে।  অাগন্তুক বৰ্ষৰ পৰা এই ন্যাসে শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা কলা আৰু বিজ্ঞান শাখাৰ স্নাতক পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা দুগৰাকী  ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে নগদ ১০ হাজাৰ টকা প্ৰদান কৰিব বুলিও ঘোষণা কৰে।

Your Comments