পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ন্ধনা

barvag

                                                                                                                    বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন,১৮জুনঃ

পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ  সন্থাই বনভাগ বালিকা হাইস্কুলত  ১৮ জুন মংগলবাৰে 
হাইস্কুল শিক্ষান্ত আৰু  উচ্চতৰ মাধ্যমিক চূড়ান্ত  পৰীক্ষাত  কৃতিত্বৰে  উত্তীৰ্ণ হোৱা ৬৫ গৰাকী ছাত্ৰ -ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ বিদ্যালয়ৰ প্ৰধান  শিক্ষক/শিক্ষয়িত্ৰীসকলকো সম্বৰ্ধনা জনায়।উক্ত অভিনন্দন অনুষ্ঠানত সভাপতিত্ব কৰে পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ৰঞ্জিত শৰ্মাই।সভাৰ উদ্দেশ্য বাখ্যা কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সধাৰণ সম্পাদক হোমেন ৰবিদাসে।সভা উদ্ধোধন কৰে জিলা ছাত্ৰ সন্থাৰ সধাৰণ সম্পাদক অক্ষয় ডেকাই।সভাত  অসম শিল্পী সন্থাৰ সভাপতি পংকজ পল্লব শৰ্মাই আমন্ত্ৰিত  অতিথিৰ আসন অলঙ্কৃত কৰি  সাম্প্ৰতিক শিক্ষা ব্যৱস্থাৰ ওপৰত  বিশেষ ভাবে আলোকপাত কৰে।bar

চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ ভয়ানক অৱস্থাৰ বিষয়ে কৈ শ্ৰীশৰ্মাই চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ দায়িত্ব সম্পৰ্কে সভাত বহল ব্যাখ্যা দাঙি ধৰে । এগৰাকী ভাল প্ৰশাসনিক হম বুলিয়েই নিজেকে আগবঢ়াই নিবলৈয়ো তেওঁ ছাত্ৰ-ছাত্ৰী সকলক পৰামৰ্শ আগবঢ়ায়।pankaj pallab

সভাত নলবাৰী জিলা সমিতিৰ সধাৰণ সম্পাদক হেমেন চৌধুৰী,নলবাৰী উন্নতি সভাৰ সধাৰণ সম্পাদক  ৰাতুল ডেকা,ঘগ্ৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী,জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,উপ-সভাপতি উৎ পল কলিতাৰ লগতে জিলা ছাত্ৰ সন্থাৰ নেতৃবৃন্দ উপস্থিত থাকে।উক্ত অভিনন্দন অনুষ্ঠানত শ্ৰীমন্ত শংকৰ  সং‌ঘৰ পশ্চিম বনভাগ সমিতিকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকে।

Your Comments