কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ:
শিৱসাগৰ জিলা পথ সুৰক্ষা সমিতি আৰু শিৱসাগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত আজি পথ সুৰক্ষা সম্পৰ্কীয় এখনি সজাগতা সভা অনুষ্ঠিত হয়। শিৱসাগৰৰ যুৱ দ'লৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনি উদ্ধোধন কৰি জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে সকলোকে যানবাহনৰ আইন মানি চলিবলৈ আহ্বান জনায়। যান-বাহনৰ আইন উলংঘা কৰাৰ বাবেই দৈনিক পথ দূৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা বুলিও তেওঁ মন্তব্য কৰাৰ লগতে যান-বাহন চলাওতে বাহন চলাচলৰ নীতি-নিয়ম সমুহ মানি চলিলে দূৰ্ঘটনাৰ পৰা ৰক্ষা পাব পাৰি বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে৷
অনুৰাগ শৰ্মাই আঁত ধৰা সজাগতা সভাত শিৱসাগৰ জিলা পৰিবহন বিষয়া সদানন্দ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰে। শিৱসাগৰ জিলা যান-বাহন পৰিদৰ্শক উৎপল বৰুৱাই সভাৰ তাৎপৰ্য ব্যাখ্যা কৰে।
সভাত জিলা আৰক্ষী অধিক্ষক অমিতাভ সিনহা আৰু অতিৰিক্ত উপায়ুক্ত বিজিত দাসে যানবাহন আইন সম্পৰ্কে ছাত্ৰ ছাত্ৰী , অভিভাৱক তথা সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ শোষকতা কৰে। উক্ত সজাগতা সভাত বিশিষ্ট চিকিৎসক ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে প্ৰজেক্টৰৰ জড়িয়তে পথ দূৰ্ঘটনাৰ পাছত প্ৰদান কৰিবলগীয়া চিকিৎসা সম্পৰ্কত ৰাইজক সজাগ কৰিবৰ বাবে বিস্তৃতভাৱে বৰ্ণনা আগবঢ়ায়। অধিবক্তা ফজল আলী হাজৰিকাই যান -বাহন আইন উলংঘা কৰাৰ ফলত হোৱা দূৰ্ঘটনা আৰু আইনৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা দাঙি দৰে।
সজাগতা সভাত শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকদ্বয় নবীন সিং আৰু জ্যোতিৰঞ্জন নাথৰ লগতে চৰকাৰী বে-চৰকাৰী বাছ মালিক সন্থা, জীৱন বীমা নিগম, বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীৰ লগতে জাতীয় সংগঠনৰ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে।
- Log in to post comments
- 3 views