বৰভাগ কলেজত বি এড পাঠ্যক্ৰম প্ৰৱৰ্তনৰ নিৰ্দেশ চৰকাৰৰ,দল সংগঠনৰ আদৰণি

নৰেন শৰ্মা,বাহাৰঘাট,

১৮ জুনঃ নলবাৰী জিলাৰ বৃহত্তৰ বৰভাগ অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান বৰভাগ মহাবিদ্যালয়ত বি এড পাঠ্যক্ৰম প্ৰৱৰ্তনৰ বাবে চৰকাৰে নিৰ্দেশনা জাৰি কৰাৰ খবৰ লাভৰ পিছতে বৰভাগত আনন্দৰ বন্যা বয়। উল্লেখ্য যে যোৱা নিশা ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উচ্চ শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ কেবাখনো মহাবিদ্যালয়ত বি এড পাঠ্যক্ৰম প্ৰৱৰ্তনৰ বাবে এক  নিৰ্দেশনা জাৰি কৰিছে । চৰকাৰৰ এই সিদ্ধান্তক বৰভাগ আঞ্চলিক ছাত্ৰ সন্থা, মহাবিদ্যালয় আছু গোট, মহাবিদ্যালয় ছাত্ৰ একতা সভা, বৰভাগ প্ৰেছ ক্লাৱকে ধৰি বিভিন্ন দল সংগঠনে আদৰণি জনোৱাৰ লগতে ৰাইজে স্থানীয় বিধায়ক নাৰায়ণ ডেকাকো ধন্যবাদ জনাইছে । নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহঃ সম্পাদক সমৰজ্যোতি মহন্তই চৰকাৰৰ  নিৰ্দেশনাক আদৰণি জনাই মহাবিদ্যালয়খনত বি এড পাঠ্যক্ৰমৰ প্ৰৱৰ্তনে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই অনা বুলি অভিহিত কৰি অতি সোনকালেই চৰকাৰক উক্ত নিৰ্দেশনা কাৰ্য্যকৰী কৰি তুলিবৰ বাবে আহ্বান জনায়।

Your Comments