সোণাৰিৰ সাপেখাতী সেনা চাউনিত দুই শীৰ্ষ নেতাসহ ছয়  আনলা সদস্যৰ আত্মসমৰ্পন 

aanla

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতী সেনাৰ ওচৰত দুই ৰ্শীষ নেতাৰ সৈতে ছয় আনলা সদস্যই আত্মসৰ্মপন কৰে। এটা পইন্ট ২২ পিষ্টল,তিনিটা পইন্ট ৩২ পিষ্টল, ৩৮ টা সজীৱ গুলী, ২কেজি জিলেটিন, ডিট'নেটৰ পোন্ধৰডাল ,২মিটাৰ কৰডেক্স সহ বহু আপত্তিজনক নথিপত্ৰ জমা দিয়ে । আজি আত্মসমৰ্পন কৰা সকল সকলক ক্ৰমে মেজৰ অনিল ইবক(মুখ্য সেনাধ্যক্ষ ও বিত্তীয় সম্পাদক), ছাৰজেন্ট মেজৰ দুৰ্গেশ তান্তী (এৰিয়া কামাণ্ডাৰ, যোৰহাট, গোলাঘাট), কেডাৰ সকল শান্তিয়াল বিৰজীয়া, ৰবাৰ্ট তপ্ন, জীচয়া শ্বৰ আৰু মজেশ চিক। উল্লেখ্য যে  আজি আত্মসমৰ্পণকাৰী সদস্য সকলে ২০১২ চনত  আনলাৰ আলোচনা পন্থী গোটৰ পৰা ফালৰি কাটি পুনৰ সংগ্ৰামৰ প্ৰচেষ্টা চলাইছিল। এওঁলোকক কুকী ৰিভোলুশ্বনাৰী সেনা আৰু এন এছ চি এন আই এমে সহায় কৰি আহিছিল বুলি উল্লেখ কৰি আহিছে কেডাৰসকলে। বৰ্তমান কেডাৰ কেইজনক সাপেখাতী সেনা চাউনীতে বিশেষ তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰখা হৈছে ।

Your Comments