আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশৰ পিছতেই চিণ্ডিকেট বন্ধ কৰাৰ বাবে তৎপৰ কোকৰাঝাৰ আৰক্ষী 

kok

কোকৰাঝাৰ :

 অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ নিৰ্দেশত চোৰাং সৰবৰাহকাৰী আৰু জিলা খনত গড়লৈ উঠা অসাধু চিণ্ডিকেটৰ বিৰুদ্ধে আৰম্ভ কৰিছে বিশেষ অভিযান। এই অভিযানত মূলত কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰ পৰা অবৈধ চিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ তৎপৰতাৰে নানা কার্যব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। 
কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ নিৰ্দেশত চোৰাং সৰবৰাহকাৰী আৰু চিণ্ডিকেটৰ বিৰুদ্ধে আৰম্ভ হোৱা বিশেষ অভিযানত বৰ্তমানলৈ কেইবাগৰাকীয়ো চোৰাং সৰবৰাহকাৰীক  আটক কৰাৰ লগতে কেইবাটাও অবৈধ ব্যৱসায়িক চিণ্ডিকেট উৎখাত কৰা হৈছে  । চিণ্ডিকেটৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিব বুলি সদৰি কৰি জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে দাবী কৰি কয় যে জিলাখনত বৰ্তমান কোনোধৰণৰ চিণ্ডিকেট নাই । 
      ইপিনে কাৰিগাঁওৰ ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত একাংশ চালকে বৰ্তমান পথটোত কোনো ধৰণৰ চিণ্ডিকেটে পূৰ্বৰ দৰে অসুবিধা দি থকা নাই বুলি সদৰি কৰাৰ লগতে পশ্চিমবংগৰ কামাখ্যাগুৰিৰ পৰা বহুদিন আগৰে পৰাই চলি থকা পোনা মাছৰ চিণ্ডিকেট চলোৱা লোক সকলো এইকেইদিন অন্তৰধ্যান হৈ আছে বুলিও মন্তব্য কৰে ।

Your Comments