বঙাইগাঁওঃ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশানুসৰি তথা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে বঙাইগাঁও জিলা প্ৰশাসনে চলাই থকা উচ্ছেদ অভিযানৰ ধাৰাবাহিকতা ৰক্ষা কৰি সোমবাৰেও বঙাইগাঁও জিলা প্ৰশাসনে বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীঘোপাৰ বালাপাৰা গাওঁৰ হকোডোবা গো-চৰণীয়া পথাৰত এক উচ্ছেদ অভিযান চলায় ৷ এই উচ্ছেদ অভিযানত প্ৰশাসনে যোৱা ২৩ বছৰ ধৰি ১৫৩ টা পৰিয়ালে বেদখল কৰি থকা প্ৰায় ১০৭ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰে।
উচ্ছেদ অভিযানৰ সময়ত বেদখলকৃত চৰকাৰী ভূমিত বেদখলকাৰীয়ে সজা গৃহ আদি সম্পূৰ্ণৰূপে উচ্ছেদ কৰে ৷ বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰীৰ সক্ৰিয় সহযোগত বইটামাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পার্থপ্ৰতিম নেওগৰ নেতৃত্বত চলা এই সফল অভিযানৰ অন্তত বেদখলমুক্ত ভূমিখিনিত বন বিভাগৰ পৰা দিয়া গছপুলি ৰোপণৰ এক কাৰ্যসূচী হাতত লোৱা হয়। পৰৱৰ্তী সময়ত ইয়াত গৰুৰ খাদ্যৰ বাবে উপযোগী গছ -গছনি তথা ঘাঁহ-বন ৰোপণৰ ব্যৱস্থা কৰা হ'ব যাতে পথাৰখন প্ৰকৃত অৰ্থত এক গো- চৰণীয়া পথাৰ হিচাবে কাৰ্যতঃ পৰিণত হয় ।
ইপিনে এই বেদখলমুক্ত পথাৰখনৰ চোৱাচিতা তথা ইয়াক অবৈধ বেদখলকাৰীৰ পৰা পৰৱৰ্তী সময়ত মুক্ত কৰি ৰখাৰ দায়িত্ব বালাপাৰা গাঁও পাঞ্চায়তৰ হাতত ন্যস্ত কৰা হয়। উল্লেখ্য যে বঙাইগাঁও জিলা প্ৰশাসনে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰা এই উচ্ছেদ অভিযান অনাগত দিনটো চলাই যাব বুলি প্ৰকাশ কৰিছে ।
- Log in to post comments
- 11 views