ৰাজীৱ পাতিৰ,মাজুলী,১৭ জুন:
জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত বৰপমুৱা গাঁও নিবাসী অধিকাৰ দলেৰ পুত্ৰ ভাইটি দলে(১৮)ই ড্ৰাগছ তথা অন্যান্য সুৰাপান কৰি মৃত্যু হোৱা ঘটনাই সকলোকে ভবাই তুলিছে । জানিব পৰামতে দেওবাৰে ৰাতি সাত বজাত হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ভাইটি দলেক স্বাস্থ্য পৰীক্ষা তথা চিকিৎসাৰ বাবে জেংৰাইমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰলৈ লৈ গৈ ভৰ্তি কৰায় । চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ কিছু মূহুৰ্ত্বৰ পিছতে ভাইটিয়ে শেষ নিশ্বাস ত্যাগ কৰে । অত্যাধিক ড্ৰাগছ তথা অন্যান্য সুৰা সেৱন কৰাৰ পৰিপ্ৰেক্ষিততে যুৱকজনৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে । এই ঘটনাই সমগ্ৰ মাজুলীতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে আজি জেংৰাইমুখৰ বৰপমুৱা কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত অঞ্চলটোৰ মহিলা সকল একগোট হৈ ড্ৰাগছ তথা অন্যান্য সুৰা প্ৰচলনৰ বিৰুদ্ধে এক বৃহৎ সজাগতা সভা অনুষ্ঠিত কৰি উক্ত সভাতেই এখন ২১ জনীয়া ড্ৰাগছ নিবাৰণী মহিলা সমিতি গঠন কৰা হয়। জেংৰাইমুখ টাউন উন্নয়ন সমিতিৰ উদ্যোগত টি এম পি কে জেংৰাইমুখ আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰেমধৰ দলেই ।
জেংৰাইমুখ টাউন উন্নয়ন সমিতিৰ সম্পাদক উদ্ধৱ দলেই উদ্দেশ্য ব্যাখ্যা কৰা সভা খনত ক্ৰমে এম এম কে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰেমধৰ দলে, শিক্ষক নিপন দলে,এম এম কে মাজুলী জিলা সমিতিৰ সভাপতি ৰাজীৱ পেগু,ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যাপক ড' ইন্দ্ৰনীল পেগু,সাংবাদিক ৰাজীৱ পাতিৰ, বৰপমুৱা গাঁও উন্নয়ন সমিতিৰ সভাপতি মাজুন দলে,বিতোপন দলে,সদানন্দ দলে,বাণিজ্য দলে আদিকে ধৰি বিভিন্ন বক্তিয়ে ড্ৰাগছ, মাদক দ্ৰব্য, সুৰা আদিৰ প্ৰচলন তথা ব্যৱহাৰ অঞ্চলটোত হৈ থকা সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে জনজাগৰণৰ জৰিয়তে কঠোৰভাৱে প্ৰতিৰোধ গঢ়ি তুলি নৱ প্ৰজন্মৰ সুৰক্ষা প্ৰদান কৰাৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। প্ৰয়োজন সাপেক্ষে আৰক্ষী প্ৰশাসনৰ সহায় লোৱাৰ সন্দৰ্ভতো সভাই ঐক্যমত্য পোষণ কৰে । এই সভাৰ পিছত বৰপমুৱা গাঁৱত থকা কেইবাখনো মদৰ ঘাটি ৰাইজে নিজ হাতে উচ্ছেদো কৰে ।
- Log in to post comments
- 6 views