দলগাওঁৰ প্ৰতিবেদক :
আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বালিকেম্পত দলগাঁৱৰ জ্যেষ্ঠ সাংবাদিক আব্দুল আজিজৰ নেতৃত্বত আৰু অন্য কেইগৰাকীমান স্থানীয় সাংবাদিকৰ সহযোগত এক বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বালি কেম্পত সাংবাদিকৰ দলটোৱে বিভিন্ন গছ পুলি ৰোপণ কৰাৰ পিছত কাৰ্যসূচীটোত অংশগ্ৰহণ কৰা দলগাঁৱৰ জ্যেষ্ঠ সাংবাদিক আব্দুল আজিজ আৰু অন্যান্য সাংবাদিক সকলৰ সৈতে একাংশ স্থানীয় সাংবাদিকৰ হোৱা এক আচুতীয়া সাক্ষাৎকাৰত জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে কয় যে,গছ থাকিলে হে মানুহ থাকিব ৷বৰ্তমান গছ গছনিৰ সংখ্যা কমি গৈ বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈ আছে৷ লগতে গোলকীয় উঞ্চতা বৃদ্ধি পাই আছে ৷সম্ভৱ্য এই ভয়ংকৰ বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ অসংখ্য গছ পুলি ৰোপণ কৰাৰ বাবে সচেতন মহলক তেওঁ আহ্বান জনায়।
আজিৰ এই গছ পুলি ৰোপন কাৰ্যসূচীত বেছিমাৰী,দলগাঁও আৰু খাৰুপেটীয়াৰ সংবাদিক সকলো উপস্থিত থাকে৷
- Log in to post comments
- 9 views