ঘগ্ৰাপাৰত অসম চিকিৎসক সেৱা সন্থাৰ কৰ্মবিৰতি পালন

yy

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

 

কলকাতাত যোৱা সপ্তাহত চৰকাৰী মেডিকেল কলেজৰ এজন চিকিৎসকক দুৰ্বৃত্তই আক্ৰমণ কৰি আহত কৰাক লৈ সমগ্ৰ দেশতে অব্যাহত আছে চিকিৎসকসকলৰ প্ৰতিবাদ। ইয়াৰ প্ৰতিবাদকল্পে 'অ'ল ইণ্ডিয়া ফেডাৰেচন অব্ ডক্টৰ্ছ এছ'চিয়েচন'ৰ আহ্বানমৰ্মে অসম চিকিৎসক সেৱা সন্থায়ো সমগ্ৰ ৰাজ্যতে ৰূপায়ণ কৰে ২ ঘন্টীয়া কৰ্মবিৰতি কাৰ্যসূচী। 


নলবাৰী জিলাৰ  ঘগ্ৰাপাৰ প্ৰাথমিক স্থাস্থ‍্য কেন্দ্ৰত সোমবাৰে পুৱা ৮ বজাৰ পৰা ১০ বজালৈ চিকিৎসকসকলে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী।ঘগ্ৰাপাৰ মহকুমা স্থাস্থ‍্য বিষয়া ডাঃ দিলীপ কলিতাই অৱস্থানৰ অন্তত ভাষনত কয় যে চৰকাৰে চিকিৎসকসকলক নিৰাপত্তা প্ৰদান কৰিব লাগে।লগতে তেওঁ কৰ্মৰত চিকিৎসকৰ আক্ৰমণকাৰীক শাস্তি দিয়াৰ দাবী জনায়।

Your Comments