বঙাইগাঁৱত আন্তঃৰাষ্ট্ৰীয় ঘৰুৱা শ্ৰমিক দিৱস উদযাপন

bgn

বঙাইগাঁৱৰ পৰা বিশেষ প্ৰতিবেদন:
 
সমগ্ৰ বিশ্বৰ লগতে দেওবাৰে বঙাইগাঁৱতো আন্তঃৰাষ্ট্ৰীয় ঘৰুৱা শ্ৰমিক দিৱস উদযাপন কৰা হয়। অসম মজদুৰ ইউনিয়ন আৰু হিন্দ মজদুৰ সভাৰ অসম ৰাজ্যিক সমিতিৰ যৌথ উদ্যোগত তথা বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সহযোগত বঙাইগাঁৱৰ ৰে'লৱে ইনষ্টিটিউটত উদযাপন কৰা এই আন্তঃৰাষ্ট্ৰীয় ঘৰুৱা শ্ৰমিক দিৱসৰ অনুষ্ঠানত উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত সহস্ৰাধিক ঘৰুৱা শ্ৰমিক উপস্থিত থাকে। bgn2

হিন্দ মজদুৰ সভাৰ বঙাইগাঁও জিলা সমিতিৰ সদস্যা শতাব্দী ঘোষে আঁতধৰা অনুষ্ঠানত বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব চাতুৰ্য প্ৰসাদ তালুকদাৰে কয় যে টকাৰে সদায় সকলো কাম কৰিব নোৱাৰি ৷ ভাৰতীয় বিচাৰ ব্যৱস্থাত সকলো নাগৰিক সমান ৷ সেয়ে বিচাৰ বিভাগীয় ব্যৱস্থাত এই সমতা তত্বটো কাৰ্যকৰী কৰাৰ বাবে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী হ'ল বিচাৰ ব্যৱস্থাৰ এনে এটি শাখা, যিয়ে সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক বিনামূলীয়াকৈ আইন সেৱা প্ৰদান কৰে ৷ 

অনুষ্ঠানত বঙাইগাঁও জিলা আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ সুজাতা দত্ত, বঙাইগাঁৱৰ শ্ৰম পৰিদৰ্শক নাছেৰ জামান, অসম ৰাজ্যিক হিন্দ মজদুৰ সভাৰ সম্পাদক আশীষ বিশ্বাস, ফেৰেণ্ডো ডমেষ্টিক ৱৰ্কাৰ্ছ এলায়েন্সৰ চিষ্টাৰ নিশা, হিন্দ মজদুৰ সভাৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদক গোবিন্দ বিশ্বাস আদি বিশিষ্ট ব্যক্তি  উপস্থিত থাকে। অনুষ্ঠানত শ্ৰমিক বিভাগৰ ফালৰ পৰা  ত্ৰিশ গৰাকী ঘৰুৱা শ্ৰমিকক পৰিচয় পত্ৰ প্ৰদান কৰা হয়। bgn6

ইপিনে অসম ৰাজ্যিক হিন্দ মজদুৰ সভাৰ সম্পাদক আশীষ বিশ্বাসে সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমান ত্ৰিশ গৰাকী  ঘৰুৱা শ্ৰমিকক পঞ্জীয়ন পত্ৰ প্ৰদান কৰা হৈছে যদিও পৰ্যায়ক্ৰমে সকলোকে এই পঞ্জীয়ণ পত্ৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ কাৰণ এইখনেই একমাত্ৰ পত্ৰ যাৰ জৰিয়তে ঘৰুৱা শ্ৰমিকসকলে অদূৰ ভৱিষ্যতে তেঁওলোকে পেঞ্চন লাভ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব ৷ আমি ইয়াৰ বাবে সুদীৰ্ঘ দিন ধৰি যুঁজ দি আহিছো আৰু আশা কৰো অতি শীঘ্ৰে আমি সফল হম ৷ অন্যথা ইয়াৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত আন্দোলন গঢ়ি তোলাৰ বাহিৰে আন কোনো গত্যন্তৰ নাথাকিব ৷

Your Comments