গহপুৰৰ পৰা মাধৱ শৰ্ম্মাৰ প্ৰতিবেদন
বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ আন এক বৃহৎ সফলতা। বহুদিনৰ পৰা বন বিভাগৰ বাবে মূৰৰ কামোৰণি হৈ পৰা এটা দুধৰ্ষ চোৰাং গড়ঁৰ খৰ্গৰ বেপাৰী আটক কৰিবলৈ সক্ষম হয় বিশ্বনাথৰ বন্যপ্ৰাণী সংমণ্ডল।
জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লাখৰা চাপৰিত এই বছৰৰ এপ্ৰিল মাহত হোৱা গঁড় হত্যাৰ অভিযোগত আটক হোৱা আচামীৰ স্বীকাৰোক্তিৰ ভিত্তিত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়া ৰাজু গগৈৰ নেতৃত্বত এটা বন কৰ্মীৰ দলৰ লগতে আই.আৰ.এফ ৰ দলে ইটানগৰ আৰক্ষীৰ সহযোগত ইটানগৰৰ বিভিন্ন স্থানত অভিযান চলাইছিল। উক্ত অভিযানত ইটানগৰ পিচেক্তৰ গান্ধী মাৰ্কেটৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে ধৃত চোৰাং বেপাৰীটোক।
ৰিজেন পেগু নামৰ এই চোৰাং বেপাৰীটোৰ ঘৰ গহপুৰৰ পুলিচোমনিত বুলি বন বিভাগে সদৰি কৰিছে।
- Log in to post comments
- 4 views