বৰপেটাত ১০টা শীতলীকৰণ ভঁৰালৰ বাবে কেন্দ্ৰীয় কৃষিমন্ত্ৰীক আহ্বান চিৰাজুদ্দিনৰ

বৰপেটাত ১০টা শীতলীকৰণ ভঁৰালৰ বাবে কেন্দ্ৰীয় কৃষিমন্ত্ৰীক আহ্বান চিৰাজুদ্দিনৰ

বৃহস্পতিবাৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী ৰাধামোহন সিঙক নতুন দিল্লীত সাক্ষাৎ কৰি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ চিৰাজুদ্দিন আজমলে কে'বাটাও দাবী সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷

স্মাৰক-পত্ৰখনত সাংসদ আজমলে উল্লেখ কৰে যে বৰপেটা লোকসভা সমষ্টিটো বিভিন্ন নদী-উপনদীৰ উপৰি বিশাল ব্ৰহ্মপুত্ৰ সংযোগী এটা সমষ্টি ৷ প্ৰতি বছৰে প্ৰায় ৭০ হাজাৰ পৰিয়ালে লোকসভা সমষ্টিটোৰ বিশেষকৈ চৰ অঞ্চলৰ কৃষকসকলে শাক-পাচলি বিক্ৰীৰ বাবে ৪-৫ মাহ ধৰি ৰাস্তাৰ কাষত পেলাই থ’বলগীয়া হয় ৷

বৰপেটাত ১০টা শীতলীকৰণ ভঁৰালৰ বাবে কেন্দ্ৰীয় কৃষিমন্ত্ৰীক আহ্বান চিৰাজুদ্দিনৰ

উচিত মূল্যৰ বাবে অপেক্ষা কৰি কৃষকসকলে সদায় এনেদৰে ডাঙৰ ক্ৰেতাৰ বাবে বাট চাবলগীয়া হয় ৷ কিন্তু এই ডাঙৰ ক্ৰেতা ব্যৱসায়ীসকলে একেবাৰে কম মূল্য দিব বিচাৰে ৷ যাৰফলত সেই মূল্যৰে ন্যূনতম উৎপাদন খচৰখিনিও কৃষকসকলৰ পূৰ্ণ নহয় ৷ ফলত প্ৰতি বছৰেই কৃষকসকল লোকচানৰ সন্মুখীন হৈ আহিছে ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক স্মাৰক-পত্ৰখনৰ জৰিয়তে কেন্দ্ৰীয় এম আই ডি এইচ কেন্দ্ৰীয় আঁচনিৰ অধীনত বিশেষকৈ বৰপেটা, বঙাইগাঁও জিলাত কৃষকসকলৰ এই উৎপাদিত সামগ্ৰী মজুত কৰি ৰাখিবলৈ ১০টা ৬-৮ টন সামৰ্থ্য থকা সৌৰশক্তিচালিত শীতলীকৰণ ভঁৰাল আবণ্টন দিবলৈ দাবী জনায় ৷
 

Your Comments