জু-ৰোড বিস্ফোৰণত জড়িত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰকাশ ৰাজকোঁৱৰক গুৱাহাটীৰ আদালতত হাজিৰ

zoo road blast

নিউজ ডেস্ক :
বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰৰ পাছত এইবাৰ গুৱাহাটীৰ জু-ৰোড গ্ৰেনেড বিষ্ফোৰণত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ'ল অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষকক। ইতিমধ্যে মহানগৰ আৰক্ষীৰ হাতত বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা প্ৰাণময় ৰাজগুৰু, অভিনেত্ৰী জাহ্নৱী শইকীয়া, প্রাক্তন আলফা নেতা অমৃত বল্লভ গোস্বামীৰ সৈতে সংযোগ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অৱসৰ প্ৰাপ্ত শিক্ষক গৰাকীৰ হৈছে ডিব্ৰুগড়ৰ মিলন নগৰৰ প্ৰকাশ ৰাজকোঁৱৰ ওৰফে চাও নামটি লাও।
দেওবাৰে ডিব্ৰুগড়ৰ মিলন নগৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰকাশ ৰাজকোঁৱৰ ওৰফে চাও নামতি লাওক। আজি পুৱাই তেওঁক আদালতত  হাজিৰ কৰাৰ বাবে অনা হয় গুৱাহাটীলৈ। আগবেলা লতাশিল থানাত আৰক্ষীৰ উচ্চপদস্থ বিষয়া সকলে অভিযুক্ত শিক্ষক গৰাকীক জেৰা চলোৱা বুলিও জানিব পৰা গৈছে। 

ইফালে প্ৰকাশ ৰাজকোঁৱৰ গ্ৰেপ্তাৰ  সন্দৰ্ভত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে প্ৰকাশ ৰাজকোঁৱৰ আলফাৰ প্ৰচাৰ-প্ৰসাৰৰ কামত নিয়োজিত হৈ আছে।ইয়াৰ উপৰিও আলফাৰ সদস্যৰ ভৰ্তি কামতো জড়িত অৱসৰ প্ৰাপ্ত শিক্ষক গৰাকী।আৰক্ষী আয়ুক্ত গৰাকীয়ে জনোৱা মতে অৱসৰ প্ৰাপ্ত শিক্ষক গৰাকীৰ আলফা(স্বা) সেনাধক্ষ্য পৰেশ বৰুৱাৰ সৈতেও আছে সঘন যোগাযোগ ।লগতে তেওঁ জানিবলৈ দিয়ে যে ২০১৭ চনৰ পৰা আলফা(স্বা) লগত জড়িত  হৈ আছে এইগৰাকী প্ৰকাশ ৰাজকোঁৱৰ।
আনহাতে গ্ৰেপ্তাৰ হোৱা প্ৰকাশ ৰাজকোঁৱৰ বিৰুদ্ধে গীটানগৰ থানাত ২১০/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি IPC ধাৰা ৩৮৮/৩২৬/৩০৭/১২১ একেদৰে, R/W৩/৫,  E/S ACT ১০/১৩/১৬/২০ UP(P) অধীনত আজি কামৰূপ জিলা মুখ্যন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

লগতে আৰক্ষী আয়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে আলফাৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিবৰ বাবেও আহ্বান জনায়।
ইফালে প্ৰকাশ ৰাজকোৱাৰ গ্ৰেপ্তাৰ পাছত জু-ৰোড বিস্ফোৰণত জড়িত অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৮জনলৈ বৃদ্ধি পালে।

Your Comments