লংকাত চিলিণ্ডাৰৰ জুইয়ে ভস্মীভূত কৰিলে এটা বাসগৃহ,সা-সামগ্ৰীৰ লগতে জুইত জাহ গ'ল নগদ পঞ্চাশ হেজাৰ টকায়ো

hojai

লঙ্কাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
লংকাৰ এন-এৰিয়া বস্তিৰ বিষ্ণুৰাম তামুলী পথৰ সুৱল দাস নামৰ ব্যক্তি গৰাকীৰ ঘৰত শনিবাৰে  নিশা এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । পাকঘৰৰ গেছ চিলিণ্ডাৰৰ পৰা গেছ লিক হোৱাত জুয়ে চানি ধৰে সমগ্ৰ ঘৰটো। আৰু মুহূৰ্ততে ঘৰৰ ভিতৰৰ প্ৰায় লক্ষাধিক টকাৰ বয়-বস্তু  জুইত জাহ যোৱাৰ উপৰিও মূল্যৱান নথি পত্ৰ সহ নগদ  প্ৰায় ৫০ হাজাৰ টকায়ো জুইত জাহ যায় | নিজৰ গৃহটোত জ্বলা জুই নুমুৱাৱলৈ গৈ আহত হব লগা হয় ঘৰৰ মূৰব্বী সুৱল দাস |hojai2 পিছত সুৱল দাসক লংকা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় | আনহাতে বাৰে বাৰে ফোন কৰা পিছতো লংকা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সময়ত আহি নোপোৱাত,অগ্নিশৰ্মা হৈ পৰে ভুক্তভোগী পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজ। পিছত স্থানীয় ৰাইজৰ উদ্যোগতে ঘৰটোৰ জুই নুমোৱাবলৈ সক্ষম হয়।

Your Comments