গোৱালপাৰাৰ পৰা উৎপল ৰাভা
গোৱালপাৰা জিলাৰ আগিয়াৰ নিকটৱৰ্তী ৰামপুৰস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বাদুংদুপ্পা কলাকেন্দ্ৰৰ জন্মদাতা তথা ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যকাৰ, নাট্যসম্ৰাট শুক্ৰাচাৰ্য্য ৰাভাৰ প্ৰথম মৃত্যুবাৰ্ষিকী পালন কৰা হয়।
উল্লেখ্য যে অক্লান্ত শ্ৰম আৰু প্ৰখৰ মেধাৰে জীৱনৰ ৪১টা বৰ্ষৰ চমু সময়সীমাতে শুক্ৰাচাৰ্য্য ৰাভাই ৰামপুৰৰ দৰে এখন অখ্যাত গাঁৱত আধুনিক নাটকৰ বিশ্ব দৰবাৰ গঢ়ি তুলি ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
শনিবাৰে বাদুংদুপ্পা কলাকেন্দ্ৰত আয়োজিত প্ৰথম মৃত্যু বাৰ্ষিকী অনুষ্ঠানত উপস্থিত হৈ অসমৰ কেইবাজনো বিশিষ্ট শিল্পী , সাহিত্যিক ,নাট্যকাৰে প্ৰয়াত নাট্যকাৰ শুক্ৰাচাৰ্য্য ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।বিয়লি বিশিষ্ট নাট্যকাৰ পৱিত্ৰ ৰাভাই বন্তি প্ৰজ্বলনেৰে উদ্ধোধন কৰা নাট্যানুষ্ঠানত শুক্ৰাচাৰ্য্য ৰাভাৰ জীৱনৰ প্ৰথম আৰু অন্তিমখন নাট ক্ৰমে 'তিখাৰ ' আৰু 'ছনছ অৱ আৰ্থ মাদাৰ' বাদুংদুপ্পা কলাকেন্দ্ৰৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশন কৰা হয়।
- Log in to post comments
- 33 views