ন-পুৰণি শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানেৰে শিৱসাগৰত অনুষ্ঠিত হ'ল ঈদৰ সুৰীয়া সন্ধ্যা

sibsagar

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰঃ

শিৱসাগৰৰ নাট্যমন্দিৰত শুকুৰবাৰে সুপ্ত সংগীত প্ৰতিভাক আদৰি আনি মাটিৰ গোন্ধ থকা গীত মাত আৰু সুৱদী সুৰীয়া গীত বাদ্যক লৈ সমাজৰ দুষ্কৃতি বিনাশৰ লক্ষ্যৰে শিৱসাগৰৰ ন পুৰণি সাংস্কৃতিক কৰ্মীৰ এক অবিৰত যাত্ৰা সুৰ জাগৃতি মঞ্চই ঈদৰ সুৰীয়া সন্ধ্যা শীৰ্ষক এক বৰ্ণাধ্য সাংস্কৃতিক তথা সমন্বয়ৰ অনুষ্ঠান অনুষ্ঠিত কৰে। য'ত শিৱসাগৰৰ বহু প্ৰতিভাৱান শিল্পীয়ে বিভিন্ন সম্পদায়ৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। সমাজৰ অপশক্তিক বিনাশ কৰি কলা সংস্কৃতিৰ জড়িয়তে একতাৰ এনাজৰি ডাল আৰু দৃঢ় কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰে সুৰ জাগৃতি মঞ্চই। অনুষ্ঠানৰ আৰম্ভনিতে বৰগীত  পৰিবেশন কৰে চেহনাজ ইছলামে। জিকীৰ পৰিবেশন কৰে চামিনা বেগমৰ দলে। কচিদা গীত পৰিবেশন কৰে আমগুৰি যুৱ জামাতে। পেপাঁ বাদন কৰে লক্ষীনন্দন মহনে। পুৰণি অসমীয়া হিন্দী আৰু গজল পৰিবেশন কৰে ক্ৰমে প্ৰবুদ্ধ প্ৰতাপ চেতিয়া, জয়ন্ত দত্ত, নেইম হেমিদ, প্ৰেৰণা হাজৰিকা, জান্তুুমণি শইকীয়া দাস, চেভি আখতাৰ, আজাদ আলম, ৰৰিকুজ জামান হাজৰিকা, আচফিকুৰ ৰহমান হাজৰিকা, চবিনা বেগম, ৰাজেন্দ্ৰ যোশী, অনিল গোৱেল, চাবিনা বাৰিক, ৰিতুৰাজ বৰুৱা, আমিন উল্লা, চামচুল বাৰিক আৰু অতিথি শিল্পী জয়শ্ৰী গোস্বামীয়ে। sib

চামচুল বাৰিকে আঁত ধৰা অনুষ্ঠানটো উদ্ধোধন কৰে সাংস্কৃতিক কৰ্মী মাখন বৰাই। ঈদৰ সুৰীয়া সন্ধ্যাৰ মঞ্চ উৎসৰ্গা কৰে বিশিষ্ট কৌতুক শিল্পী পূণ্য দাসৰ সোঁৱৰণত। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে সুৰ জাগৃতি মঞ্চৰ সভাপতি প্ৰবুদ্ধ প্ৰসাদ চেতিয়াই। অনুষ্ঠানত বিশেষ সম্বৰ্দ্ধনা জনোৱা হয়  ভূপেনদাৰ একালৰ সংগী গিয়াচুদ্দিন আহমেদক।

Your Comments