এএন-৩২ বিমানৰ সন্ধান দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা বায়ু সেনাৰ

biman

নিউজ ডেস্ক:
এসপ্তাহ ধৰি সন্ধান নাই ভাৰতীয় বায়ু সেনাৰ যোৰহাটৰ পৰা অৰুণাচলৰ মেচুকামুখী এএন-৩২ বিমানখনৰ।বিমানখনৰ সন্ধান উলিওৱাৰ বাবে এতিয়া বায়ু সেনাই আন এটা পদক্ষেপ গ্ৰহণ কৰিছে।কোনো ব্যক্তিয়ে বিমানখনৰ  সন্ধান দিব পাৰিলে,সেই ব্যক্তিজনক ৫ লাখ টকাৰে পুৰস্কৃত কৰা হ'ব বুলি উল্লেখ কৰিছে বায়ু সেনাই।


উল্লেখ্য যে ১৩ গৰাকী যাত্ৰীৰে সৈতে অন্তৰ্ধান হৈ পৰা বিমানখনৰ সন্ধান উলিয়াবলৈ বায়ু সেনাৰ বিমান,হেলিকপ্টাৰ,ভূমিভাগত সেনা আৰু আইটিবিপি জোৱানৰ লগতে মহাকাশ গৱেষণা সংস্থা 'ইছৰো'ও সক্ৰিয় হৈ আছে।

 

আনহাতে, সন্ধান লাভ কৰাৰ পিছত ০৩৭৮-৩২২২১৬৪, ৯৪৩৬৪৯৯৪৭৭, ৯৪০২০৭৭২৬৫ আৰু ৯৪০২১৩২৪৭৭ এই চাৰিটা নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বায়ু সেনাই।

Your Comments