নগাঁৱৰ ঘাগৰীয়াল স্বাস্থ্য কেন্দ্ৰত একমাত্ৰ চিকিৎসকৰ অনিয়মীয়া উপস্থিতৰ অভিযোগ

wahidud

নগাঁও, ৮ জুন :

নিঃস্ব জনৰ সেৱাৰ শপত লৈ চিকিৎসক হোৱা একাংশ চিকিৎসকে চৰকাৰী চিকিৎসালয়ত নিযুক্ত হোৱাৰ পাছতো চিকিৎসালয়লৈ নিয়মীয়াকৈ নগৈ নাৰ্ছিং হোমত ব্যস্ত থকাৰ অনেক অভিযোগ আছে। এনেবোৰ অভিযোগৰ মাজতে নগাঁও জিলাৰ গ্ৰাম্যাঞ্চলৰ বুঢ়া গোঁসাই থান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ঘাগৰিয়াল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ নুৰ ইয়াচিনৰ বিৰুদ্ধেও চিকিৎসালয়ত প্ৰায়েই উপস্থিত নথকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, চিকিৎসক জনে প্ৰায়েই চিকিৎসালয়খনত উপস্থিত নাথাকে। এক বৃহৎ এলেকাৰ ৰাইজৰ চিকিৎসা সেৱাৰ বাবে অৱস্থিত চিকিৎসালয়খনত আজিও  উপস্থিত নাছিল চৰকাৰী চিকিৎসক জন।

চিকিৎসক জনৰ এনে অনিয়মীয়া উপস্থিতি সন্দৰ্ভত স্বয়ং চিকিৎসালয়খনৰ একাংশ কৰ্মচাৰীয়েও উদ্বিগ্নতা প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে চিকিৎসক গৰাকী মাজে মাজেহে চিকিৎসালয় খনলৈ আহে। যাৰ বাবে জটিল বেমাৰত আক্ৰান্ত ৰোগী আহিলে চিকিৎসালয় খনৰ নাৰ্ছ, অন্য কৰ্মচাৰীয়ে অন্য চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিয়েই দায়িত্ব সামৰিবলগীয়া হয়। আনহাতে, স্থানীয় ৰাইজে অভিযোগ কৰা মতে, চিকিৎসক গৰাকী প্ৰতিদিনে উপস্থিত নথকাৰ বাবে স্থানীয় ৰাইজে চিকিৎসা সেৱাৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে। এই ক্ষেত্ৰত বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষই গ্ৰহণ কৰা ৰহস্যজনক ভুমিকাতো ৰাইজ ক্ষোভিত।

বিভাগীয় একাংশ বৰমূৰীয়া বিষয়াক মেনেজ কৰি চিকিৎসক ডাঃ ইয়াচিনে এইদৰে নিজৰ কৰ্তব্যত ফাঁকি দি আহিছে বুলি ৰাইজে অভিযোগ তুলিছে। ইপিনে, তেওঁৰ কৰ্তব্যত এইদৰে ফাকি দি নগাঁও চহৰৰ বিভিন্ন ব্যক্তিগত নাৰ্চিং হোম আৰু ব্যক্তিগত চেম্বাৰত ব্যস্ত হৈ থকাৰ অভিযোগ উঠিছে। লক্ষ্যনীয় বিষয় এই যে, চিকিৎসালয়খনৰ দৈনিক উপস্থিতিৰ বহীত ভাৰপ্ৰাপ্ত চিকিৎসক গৰাকীয়ে যোৱা ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখৰ পৰা কোনো স্বাক্ষৰ কৰা নাই। অৱশ্যে ইয়াৰ মাজতে কেইটামান দিন নগাঁও মেডিকেল কলেজৰ শিশু আৰু প্ৰসুতি কেন্দ্ৰত সংযুক্ত হৈ আছিল। চতুৰ চিকিৎসক গৰাকীয়ে আজি চিকিৎসালয়খনত সাংবাদিক যোৱাৰ ওমান পায় বিভাগীয় ৰোষত পৰাৰ ভয়ত দিনৰ ১২ মান বজাত ছুটিৰ আবেদন দিয়া বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ'ব।

ৱাহিদুদ জামান

Your Comments