নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মাঃ
নগাঁও জিলাৰ বেবেজীয়া-ডিমৌ-বাংঠাই মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় ৷ বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হোৱা সভাখনিত বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ এলেকাধীন অঞ্চলসমূহৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ৷ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, কিতাপ, কলম আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনায় ৷
প্ৰাক্তন বিধায়কগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া চমু ভাষণত বৰ্তমানৰ তথ্য-প্ৰযুক্তি আৰু প্ৰতিযোগিতাৰ যুগত ছাত্ৰ-ছাত্ৰীসকলক সময়ৰ লগত খাপ খুৱাই এটা নিৰ্দিষ্ট লক্ষ্যৰ দিশে আগবাঢ়ি যাবলৈ আহ্বান জনাই ৷ বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষী বৰদলৈয়ে আঁত ধৰা সভাখনিত অসম যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিৎ বৰা, কাছমাৰী সমবায় সমিতিৰ প্ৰাক্তন সভাপতি নবীন বেজবৰা, খাগৰিজান ব্ল’ক কংগ্ৰেছৰ সভাপতি ছাহাব উদ্দিন আহমেদ, বেবেজীয়া-ডিমৌ-বাংঠাই মণ্ডল কংগ্ৰেছৰ সভাপতি হৰকান্ত শইকীয়া, সাধাৰণ সম্পাদক চিত্ৰ বণিয়া, জ্যোতিময় দাস, কংগ্ৰেছ যুৱ নেতা জিতুল দাস, নিয়াজ আহমেদকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷উল্লেখযোগ্য যে আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানটোত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ৪০ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত
পৰীক্ষাৰ ৪৩ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
- Log in to post comments
- 41 views