সৰুক্ষেত্ৰী মহকুমা সাংবাদিক সংস্থাৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

sarthebari

চেঙাৰ পৰা সুৰজিৎ পাঠক : 

 " সৰ্থেবাৰী হ'ল অসমৰ এক সুকীয়া পৰিচয় । সৰ্থেবাৰীৰ গৌৰৱময় কুটিৰ শিল্প কাঁহশিল্পই অসমীয়া সংস্কৃতিৰ বাহক হিচাপে গৌৰৱৰ ধ্বজা বহন কৰি আহিছে । গতিকে কাহঁশিল্প নগৰীৰ উন্নয়ন হ'বই লাগিব । সম্প্ৰতি অসম চৰকাৰ উন্নয়নৰ বাবে বদ্ধপৰিকৰ ।গতিকে সৰ্থেবাৰীৰ সামগ্ৰিক উন্নয়নৰ বাবে আমি সংকল্প গ্ৰহণ কৰিছোঁ ।" সৰুক্ষেত্ৰী মহকুমা  সাংবাদিক সংস্থাৰ  চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই দৰে কয় জনপ্ৰিয় প্ৰশাসনিক  বিষয়া হিচাপে চৰ্চিত  বৰপেটা জিলাৰ উপায়ুক্ত  মুনীন্দ্ৰ নাথ শৰ্মাই । তিনিদিনীয়াকৈ অনুষ্ঠিত এই বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে শুকুৰবাৰে সৰ্থেবাৰী পৌৰ সভাৰ কাৰ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত  আলোচনা চক্ৰত অংশ লৈ উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মাই পুনৰ কয় যে কাহঁশিল্পৰ বিকাশৰ বাবে এক সু-পৰিকল্পিত প্ৰকল্প গ্ৰহণ কৰি আগবাঢ়ি যাব লাগিব ।senga

আনহাতে সৰ্থেবাৰীৰ দীৰ্ঘদিনীয়া সমস্যা প্ৰেক্ষাগৃহ এটি নিৰ্মাণ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মাই  এই আলোচনা চক্ৰতে ঘোষণা কৰে । সাংবাদিক তথা সৰুক্ষেত্ৰী মহকুমা প্ৰেছ ক্লাৱৰ সভাপতি হৰমোহন বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা চক্ৰত অংশ লৈ বিশিষ্ট সমাজকৰ্মী তথা সৰ্থেবাৰী পাঁচখেল গঞা গয়ৰহৰ ভঁৰালী বাণীকান্ত ভূঞাই কয় যে সৰ্থেবাৰীৰ যাতায়াতৰ সমস্যা সৰ্থেবাৰীৰ প্ৰগতিত অন্তৰায় হৈ পৰিছে । "সৰুক্ষেত্ৰী মহকুমাৰ বিকাশ আৰু সমস্যা " শীৰ্ষক আলোচনা চক্ৰত  প্ৰায় চাৰি বছৰ পূৰ্বে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সৰ্থেবাৰীক সদৰ হিচাপে লৈ সৰুক্ষেত্ৰীক মহকুমা ঘোষণা কৰিলে যদিও আজিকোপতি কাৰ্যকৰী নকৰাত বাণীকান্ত ভূঞাই তীব্ৰ ক্ষোভ ব্যক্ত কৰি প্ৰয়োজনবোধে সৰ্থেবাৰীৰ ৰাইজে পুনৰ ৰাজপথ কঁপাবলৈ ওলাই আহিব লাগিব বুলিও তেও ব্যক্ত কৰে । ইপিনে সৰ্থেবাৰী পাঁচখেল উন্নয়ন সমিতিৰ সভাপতি প্ৰহ্লাদ  তালুকদাৰে  এই আলোচনা চক্ৰত অংশ লৈ কয় যে সৰ্থেবাৰীক অসম চৰকাৰে সদায় অবহেলা কৰি আহিছে । সৰ্থেবাৰীৰ ঐতিহাসিক কুটিৰ শিল্পৰ বিকাশৰ বাবে অসম চৰকাৰক আন্তৰিকতাৰে   আগবাঢ়ি আহিবলৈও তেওঁ আহ্বান জনাইছে । সভাত সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ অধৰ চন্দ্ৰ ডেকাই সৰুক্ষেত্ৰী অঞ্চলৰ বিল- জলাশয় সমূহ সুৰক্ষিত কৰিবলৈ আহ্বান জনায় । আনহাতে সৰ্থেবাৰী পৌৰ সভাৰ সভাপতি বিজয় ভূঞাই এই আলোচনা চক্ৰত অংশ লৈ সৰ্থেবাৰীৰ বিকাশৰ বাবে উপায়ুক্তক সুদৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । সাংবাদিক গুণজিৎ চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা এই আলোচনা চক্ৰত জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী  বিষয়া বিকাশ শৰ্মাই  উপস্থিত হৈ ভাষণ প্ৰদান কৰে। সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰক এই সভাতে সম্বৰ্দ্ধনা জ্ঞাপন কৰে  সৰুক্ষেত্ৰী মহকুমা সাংবাদিক সন্থাই । চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৱা পাঁচ জুন তাৰিখে পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে আজি সন্ধিয়া সৰ্থেবাৰী পৌৰ সভাৰ কাৰ্যালয় প্ৰাঙ্গণত এক সম্বৰ্দ্ধনা সভা অনুষ্ঠিত  কৰি পৰীক্ষাত ভাল ফলাফল দেখুওৱা কৃতী ছাত্ৰ -ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিকো সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

Your Comments