বইটামাৰী :
বঙাইগাঁও জিলাৰ বইটামাৰী অঞ্চলৰ ধনতোলা-বামুণীটিলা আঞ্চলিক আমছুৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । বৃহত্তৰ বইটামাৰী তথা ধনতোলা অঞ্চলৰ ২০১৯ বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা কৃতী শিক্ষাৰ্থী সকলক আজি ধনতোলা বজাৰস্থিত কস্তুৰবা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত সংগঠনটোৱে এই সম্বৰ্ধনা অনুষ্ঠান ৰূপায়িত কৰে । কৃতী ছাত্ৰ-ছাত্ৰী সকলক গামোচা ,কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।
প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীক এডালকৈ গছপুলিও আগবঢ়োৱা হয়।ধনতোলা-বামুণীটিলা আঞ্চলিক আমছুৰ সভাপতি কুতুবুদ্দিন সেখৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই সম্বৰ্ধনা সভাখনত উপস্থিত থাকি বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাস, নানকাৰগাঁও হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী অলকা দেৱী,অৱসৰপ্ৰাপ্ত শিক্ষক আবুল হুছেইন, কস্তুৰবা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক আলী আকবৰ, পঞ্চগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল মতলেৱ আহমেদ ,অৱসৰপ্ৰাপ্ত শিক্ষক পৰ্বত আলী সৰকাৰ আদিয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে । এই অনুষ্ঠানত আমছুৰ বঙাইগাওঁ জিলা সমিতিৰ প্ৰাক্তন সভাপতি ছাইফুল ইছলাম তালুকদাৰ, বৰ্তমানৰ জিলা সভাপতি হজৰত আলী, জিলা উপ-সভাপতি ছাদ্দাম হুছেইন, শিক্ষক মহিজুল ইছলাম খান, ৰাতুল ৰঞ্জন দেৱ আদি বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে ।
- Log in to post comments
- 37 views