চেঙাৰ পৰা সুৰজিৎ পাঠক :
বৰপেটাৰ বহৰিত শুকুৰবাৰে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাকিব মিঞা(৮)-ৰ মৃতদেহ আজি এচ ডি আৰ এফে উদ্ধাৰ কৰে । উল্লেখ্য যে কালি বহৰি কলতলীৰ জামাল মিঞাৰ পুত্ৰ ছাকিবে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল । তাৰ পিছৰ পৰাই নিখোজ হৈ আছিল ছাত্ৰগৰাকী । বহৰি বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ আছিল ছাকিব ।ঘটনাৰ খবৰ পোৱাৰ পিছতেই এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল । শনিবাৰে পুৱা প্ৰায় ১০-৪৫ বজাত এছ ডি আৰ এফ বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰে ছাত্ৰগৰাকীৰ মৃতদেহ। ঘটনা সংঘটিত হোৱাৰ পিছতেই তাৰাবাৰী আৰক্ষী, চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাস ঘটনাস্থলীত উপস্থিত হয়।আজি পুৱা অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰেও বহৰি পাৰঘাটত আৰু চাকিব ভূঞাৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ বুজ লয়।পিছত তাৰাবাৰী আৰক্ষী থানাই মৃতদেহটো বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।
- Log in to post comments
- 15 views