প্ৰদীপ লস্কৰ,কলিয়াবৰ :
কলিয়াবৰৰ বৰুৱাচুকত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিতে থকা এটি জিৰণী চ'ৰাত কোনোবা দুষ্কৃতিকাৰীয়ে পাকিস্তান জিন্দাবাদ বুলি লিখাৰ লগতে পাকিস্তানৰ পতাকা ক'লা ৰঙৰে আঁকি থৈ যোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আজি পুৱাৰ ভাগতে একাংশ স্থানীয়লোকৰ এই বিষয়টো চকুত পৰে আৰু তৎমুহূৰ্ততে আৰক্ষীক অৱগত কৰে। খবৰ লাভ কৰা মাত্ৰকে কলিয়াবৰ আৰক্ষী থানৰ আৰক্ষীয়ে জিৰণী চ'ৰাটোত উপস্থিত হৈ কোনে এই দুষ্কাৰ্য সংঘটিত কৰিলে তাৰ অনুসন্ধান কৰাৰ লগতে দেৱালত লিখি থোৱা পাকিস্তান জিন্দাবাৰ আৰু পাকিস্তানৰ পতাকা মছি পেলায়। ইফালে স্থানীয় লোকে এই ঘটনাক ধৰ্মীয় উত্তেজনা সৃষ্টি কৰি সংঘাট অনাৰ এক ষড়যন্ৰ বুলি সন্দেহ কৰে। ইফালে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কলিয়াবৰ জিলা সমিতিয়ে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি উচ্চিত শাস্তি বিহাৰ বাবে দাবী জনায়।
- Log in to post comments
- 64 views