গহপুৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰকাশ কৰি উলিয়ালে আলোচনী

gahpur

গহপুৰৰ পৰা মাধৱ শৰ্ম্মাৰ প্ৰতিবেদন :


গহপুৰ শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলে আজি "অংকুৰ" নামেৰে হাতে লিখা আলোচনী প্ৰকাশ কৰি উলিয়াই।এই "অংকুৰ" আলোচনী খন উন্মোচন কৰে বিশিষ্ট কবি,সাহিত্যিক,শিক্ষক ৰূপকোঁৱৰ মিলিয়ে।

ছাত্ৰ ছাত্ৰী সকলৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে উন্মোচক ৰূপকোঁৱৰ মিলিয়ে।উক্ত আলোচনীখন সম্পাদনা কৰে অষ্টম শ্ৰেণীৰ ছাত্ৰ পৰশমনি শৰ্মাই।

 

Your Comments