বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত বিশেষভাৱে সক্ষম লোকক সা-সামগ্ৰী প্ৰদান

bgn

বঙাইগাঁওঃ ৭ জুনঃ

চিৰাং জিলাৰ ঢালিগাঁৱস্থিত বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই আজি ১৫৩ জন বিশেষভাৱে সক্ষম লোকক প্ৰয়োজনীয় অত্যাধুনিক প্ৰযুক্তি যুক্ত সামগ্ৰী প্ৰদান কৰে। বঙাইগাঁও শোধনাগাৰৰ আবাসিক চৌহদস্থিত বিনোদন কেন্দ্ৰৰ টি টি হলত  'দিব্যাংগজন সাহাৰ্য-সামগ্ৰী বিতৰণ শিবিৰ'ৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে অনুষ্ঠানৰ মুখ্য অতিথি তথা চিৰাং জিলাৰ উপায়ুক্ত গৌতমজ্যোতি তালুকদাৰে । শোধনাগাৰৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৫০ লাখ টকা ব্যয় সাপেক্ষে চিৰাং জিলা আৰু বঙাইগাঁও জিলাৰ সৰ্বমুঠ ৪২৫ জন হিতাধিকাৰীক নিৰ্বাচন কৰি দিব্যাংগজনৰ প্ৰয়োজনীয়তা অনুসৰি বিভিন্ন অত্যাধুনিক যন্ত্ৰ-পাতি প্ৰদান কৰাৰ বাবে এই শিবিৰৰ আয়োজন কৰা কাৰ্যৰ বাবে চিৰাং জিলাৰ উপায়ুক্ত তালুকদাৰে  বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ শলাগ লয়।

আজিৰ এই শিবিৰত হুইল চেয়াৰ, বেবী কেয়াৰ চেয়াৰ, ডিজিটেল হেয়াৰিং মেচিন, ৱাকিং ইণ্ডিগেটিং ইকুইপমেন্ট,অন্ধ লোকৰ বাবে অত্যাধুনিক স্মাৰ্ট ফোন, ই-চেয়াৰ ইত্যাদি বিভিন্ন সামগ্ৰী প্ৰদান কৰা হয়। সামগ্ৰী লাভ কৰা ব্যক্তি সকল আৰু শিশু সকলৰ অভিভাৱক সকলে তেওঁলোকৰ জীৱনলৈ আমুল পৰিৱৰ্তন আনিব বুলি দৃঢ় মত প্ৰকাশ কৰে আৰু বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ শলাগ লয় । শোধনাগাৰৰ ভাৰপ্ৰাপ্ত  মুখ্য মহা প্ৰৱন্ধক অমৰেন্দ্ৰ কলিতাই শোধনাগাৰটোৱে বহু আগৰে পৰাই বিভিন্ন আঁচনিৰ জৰিয়তে সমাজৰ উন্নয়ণৰ হকে কাম কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে। শোধনাগাৰৰ  খাৰুৱা তেল শোধন কৰি সমাজক পেট্ৰ'ল, ডিজেল আদি ইন্ধন যোগান ধৰাৰ উপৰিও সমাজৰ আৰ্থ-সামাজিক দিশতো কল্যাণ সাধনৰ হকে কাম কৰি আহিছে আৰু ভবিষ্যতেও এই কাৰ্য্যসূচী অব্যাহত ৰাখিব বুলি মুখ্য মহা প্ৰৱন্ধক কলিতাই আশ্বাস প্ৰদান কৰে।

দ্বিতীয় পৰ্যায়ত বিজনীত অনুষ্ঠিতব্য শিবিৰত বাকী থকা হিতাধিকাৰী সকলক সামগ্ৰী সমূহ প্ৰদান কৰা হ'ব বুলি আজিৰ সভাত ভাৰপ্ৰাপ্ত মুখ্য মহা প্ৰৱন্ধধক অৰবিন্দ কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। শোধনাগাৰৰ সহকাৰী প্ৰৱন্ধক নীলাক্ষী কোঁৱৰে আঁতধৰা আজিৰ সামগ্ৰী বিতৰণ  অনুষ্ঠানত তিনি শতাধিক লোক উপস্থিত থকাৰ লগতে বিজিআৰৰ মুখ্য মহা প্ৰৱন্ধক (কাৰিকৰী) দেৱজিৎ গগৈ, মুখ্য মহা প্ৰৱন্ধক(টি এছ এণ্ড এইছ এছ ই) মদন মোহন ছেত্ৰী, ভাৰপ্ৰাপ্ত মহা প্ৰৱন্ধক (এইছ আৰ) ভাস্কৰ হাজৰিকা, বিজিআৰ বিষয়া সন্থা আৰু  বিজিআৰ কৰ্মচাৰী সন্থাৰ সভাপতি-সম্পাদকৰ উপৰিও অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে । অনুষ্ঠানৰ শেষত উপ মহা প্ৰৱন্ধক (চি চি এণ্ড চি এছ আৰ) সীতা বৰুৱাই শলাগৰ শৰাই আগবঢ়ায় 

Your Comments