নিজা বাতৰি দিওঁতা
অৱশেষত লংকাৰ এটি পৰিয়াললৈ নামি আহিল আনন্দৰ বন্যা। স্বস্থিৰে নিশ্বাস পেলালে আৰক্ষীয়েও। উদ্ধাৰ হল আফচানা বেগম। প্ৰায় ডেৰ মাহ পূৰ্বে লংকাৰ উদালীৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈছিল দহবছৰীয়া এজনী ফুলকুমলীয়া ছোৱালী, যাক লৈ একপ্ৰকাৰে সমগ্ৰ হোজাই জিলাতে সৃষ্টি হৈছিল এক আতংকময় পৰিৱেশ। ছোৱালী জনীয়ে জানিবলৈ দিয়া মতে ঘৰৰ পৰা লংকা ৰেল ষ্টেচন আৰু তাৰ পৰা কোহিমা লৈ যায়। কোহিমাত প্ৰায় ডেৰ মাহ ফাতিমা বেগমৰ লগত থাকি যোৱা কালি ফাতিমাক লগত লৈ নিজ বাস গৃহত উপস্থিত হয়। উল্লেখযোগ্য যে কেইদিনমান আগতে একেৰাহে লংকাৰ বিভিন্ন অঞ্চলৰ পৰা ৫-৬ জন ল’ৰা ছোৱালী নিৰুদ্দেশ হৈছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
- Log in to post comments
- 85 views