অসম সাহিত্য সভাৰ  'সেউজ যাত্ৰা':  গোলাঘাটত প্ৰকৃতিপ্ৰেমী অৰূপ বল্লভ গোস্বামী , গোলাপ গগৈক সম্বৰ্ধনা

sahitya

গোলাঘাটৰ বাতৰি দিওঁতা
পৰিৱেশ-প্ৰকৃতি'জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু সজাগতাৰ উদ্দেশ্যে অসম সাহিত্য সভাই সমগ্ৰ ৰাজ্যজুৰি  হাতত লোৱা ‘সেউজ যাত্ৰা'ৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ অংশৰূপে পৰিৱেশ-প্ৰকৃতি,জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু সজাগতাৰ দিশত বলিষ্ঠ ভূমিকাৰে আগবঢ়াই অহা বিশেষ অৱদানৰ বাবে  যোৱা ৬ জুনত গোলাঘাটৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী অৰূপ বল্লভ গোস্বামী আৰু গোলাপ গগৈক  সম্বৰ্ধনা জনায় । গোলাঘাট জিলা সাহিত্য সভাৰ উদ্যোগত,পশ্চিম গোলঘাট শাখা সাহিত্য সভাৰ সহযোগত গোলাঘাট পৌৰসভা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা সাহিত্য সভা,পশ্চিম গোলঘাট শাখা সাহিত্য সভাৰ তৰফৰ পৰা বনবন্ধু  তৰুণ হাজৰিকাকো  সম্বৰ্ধনা জনোৱা হয়। জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকাৰ পৌৰহিত্যত অনুষ্ঠিত  সন্মান প্ৰদান অনুষ্ঠানত মূখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে ।

 মূখ্য অতিথিৰ ভাষণত তেওঁ অসম সাহিত্য সভাই সমগ্ৰ ৰাজ্যজুৰি  গ্ৰহণ কৰা এনে কাৰ্যসূচীৰ বাবে জাতীয় সংগঠনটোৰ নেতৃত্বক ভুয়সী প্ৰশংসা কৰে । অনুষ্ঠানৰ শুভ উদ্বোধন কৰে গোলঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড°পুতুল চন্দ্ৰ শইকীয়াই । বন্তি প্ৰজ্বলন কৰে গোলাঘাটৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই । সন্মানীত অতিথিৰূপে অংশগ্ৰহণ কৰে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,বিশিষ্ট শিক্ষাবিদ পোনাৰাম বৰুৱা,হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড°বিপুল চন্দ্ৰ ভূঞা, বিশিষ্ট শিক্ষাবিদ,সাংবাদিক উপেন দত্ত,অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, বিদেশ আৰু বৰ্হি ৰাজ্য উপ-সমিতিৰ আহ্বায়ক নুৰুল চুলতান, গোলাঘাট জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি বিকাশ শৰ্মা,সাধাৰণ সম্পাদক ৰোহিত গগৈ, গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি দেৱজিৎ ফুকন, সাংবাদিক কৌস্তুভমনি হাজৰিকা আদিয়ে ।  অনুষ্ঠানত জিলাখনৰ শাখা সাহিত্য সভাসমূহ, প্ৰেছ ক্লাব, সাংবাদিক সংস্থা,ভস্ক পপুলী, অভিজ্ঞতা আদি অৰ্দ্ধ শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে সন্মান প্ৰাপকসকলক বিপুল সম্বৰ্ধনা জনায় । অনুষ্ঠানৰ আঁত ধৰে জিলা সাহিত্য সভাৰ সম্পাদক দিলীপ কুমাৰ শৰ্মা আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক দীপ হেষ্টিংছ বৰিয়ে ।

Your Comments