নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও চহৰৰ সমীপবৰ্তী মধ্য শিয়ালমাৰীৰ পৰা কালি নিশা আৰক্ষীয়ে পাচঁটা জুৱাৰীক গ্ৰেপ্তাৰ কৰে। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত নগাঁও নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইটা হ'ল আমিনপট্ৰিৰ ৰেকিব খান, মুকুল আলি, থানা ৰোডৰ আব্দুল হান্নান চৌধুৰী, শিয়ালমাৰীৰ আখতাৰ আলী আৰু কদমতলৰ ৰুবুল আমিন। মধ্য শিয়ালমাৰীৰ পথাৰৰ এটা জুপুৰি ঘৰত দৈনিক জুৱাৰ আড্ড বহুৱাই এই কেইজন জুৱাৰীয়ে পৰিবেশ বিনষ্ট কৰি অহাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ অতিষ্ঠ হৈ আৰক্ষীক অভিযোগ দিয়াত আৰক্ষীয়ে অভিযান চলাই জুৱাৰী কেইটাক গ্ৰেপ্তাৰ কৰাৰ লগতে পাঁচটা ম'বাইল ফোন আৰু নগদ ৪১ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়।ইতিমধ্যে আৰক্ষীয়ে জুৱাৰী কেইটাক আদালতত হাজিৰ কৰোৱাৰ পাছত আজি আদালতে তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰে।
আনহাতে, আজি দিনৰ প্ৰায় ১২ মান বজাত নগাঁও চহৰৰ মৰিকলঙৰ নগাঁও ৰেল ষ্টেচনৰ সমীপত মৰিকলং আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ লগতে চ'নিয়া কলিতা নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।
- Log in to post comments
- 25 views