ভাংগাৰ  ৰাষ্ট্রীয় ঘাইপথত ভয়াৱহ বাইক দুর্ঘটনা

barak

 

শিলচৰৰ পৰা আবদুল আলিম চৌধুৰী

জোৱাই-বদৰপুৰ ৰাষ্ট্রীয় ঘাইপথৰ ভাংগাত  আজি দুপৰীয়া এক ভয়াৱহ বাইক দুর্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত বাইকৰ আৰোহীজন গুৰুতৰভাবে আহত হয়।

প্ৰাপ্ত বাতৰি মতে, আজি দুপৰীয়াৰ ভাগত এজন যুৱকে জোৱাই-বদৰপুৰ রাষ্ট্ৰীয় ঘাই পথেৰে কৰিমগঞ্জ টাউনলৈ যোৱাৰ পথত ভাংগা এলেকাত নিয়ন্ত্ৰণ হেৰুৱাই বাইক সহ বাগৰি পৰে। এই দুৰ্ঘনাটাত বাইকৰ আৰোহীজন গুৰুতৰভাবে আহত হয়।

আহত আৰোহীজনক ততালিকে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় বুলি জানিব পৰা গৈছে। অবশ্য, তেওঁৰ বইকৰ নম্বৰ-এম জেড-01-এইচ-4908 বুলি জানিৱ পৰা গৈছে যদিও বাইক আৰোহীজনৰ নাম জিব পৰা হোৱা নাই।

Your Comments