ধনৰ বিনিময়ত চৰকাৰী আবাসগৃহত চিকিৎসা! উত্তপ্ত মাজুলীৰ জেংৰাইমুখ

majuli

,মাজুলীৰ প্রতিবেদক :

জেংৰাইমুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত   চিকিৎসকে ৰোগীৰ পৰা ধন সংগ্ৰহ কৰি স্বাস্থ্য পৰীক্ষা কৰাক কেন্দ্ৰ কৰি মাজুলীত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । মুছলমান সম্প্ৰদায়ৰ ঈদ উপলক্ষে জেংৰাইমুখ ক্ষদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ যোৱা ৫ জুনৰ বাবে বন্ধ ঘোষণা কৰি দুৱাৰত তলা ওলমাই ৰখা হয় যদিও সেই দিনটোত চিকিৎসক ডাঃ সুদীন শৰ্মাই তেওঁৰ কোৱাটাৰত প্ৰত্যেকগৰাকী ৰোগীৰ পৰা পঞ্চাশ টকাকৈ ধন সংগ্ৰহ কৰি স্বাস্থ্য পৰীক্ষা কৰে ।

majuli2 একাংশ ৰোগীৰ অভিভাৱকে সেই ধন দিবলৈ অমান্তি হোৱাৰ পিছত সমগ্ৰ বিষয়টো পোহৰলৈ আহে । ইপিনে কোৱাৰ্টাৰত স্বাস্থ্য পৰীক্ষা কৰা ৰোগীসকলক প্ৰয়োজনীয় ঔষধ  জেংৰাইমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰিবলৈ দিয়া হৈছিল যদিও উক্ত দিনটোত অপিডি বন্ধ ঘোষণা কৰাত ঔষধ যোগান ধৰিবলৈ ফাৰ্মাচিষ্ট অসন্মত হয়। এনেদৰে জেংৰাইমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বন্ধ ৰাখি কোৱাটাৰত স্বাস্থ্য পৰীক্ষাৰ নামত ধন সংগ্ৰহ কৰাক লৈ বিভিন্ন ৰোগী তথা স্হানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয় ।  উল্লেখ্য যে চলিত সপ্তাহত বতৰৰ পৰিৱৰ্তনৰ বাবে মানুহ জ্বৰ,কাঁহ, চৰ্দি আদি বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ ফলত সম্প্ৰতি  মাজুলীৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰৰ লগতে জেংৰাইমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । তৎস্বতেও স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক ক্ৰমে ডাঃ সুদীন শৰ্মা আৰু ডাঃ পবিত্ৰ মিলিয়ে সলনা সলনিকৈহে চিকিৎসালয় খনত উপস্থিত থকাৰ আন এক গুৰুতৰ অভিযোগ উথাপিত হৈছে ।

Your Comments