নিউজ ডেস্ক :
আজি বিশ্ব পৰিৱেশ দিৱস । সমগ্ৰ বিশ্বৰ লগতে আজি অসমতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱসৰ বিভিন্ন কাৰ্যসূচী।গুৱাহাটী মহানগৰীতো অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ ৰাজ্যিক বাল ভৱনৰ উদ্যোগত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । পৰিৱেশ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতাৰ সংকল্পৰে উদযাপিত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ বিভিন্ন স্থানত যুৱ মুকাভিনেতা মিনাংক ডেকাৰ নেতৃত্বত ১৮ জনীয়া এটা মুকাভিনয়ৰ দলে মহানগৰীৰ বহুকেইটা স্থানত বাটৰ নাটৰ শৈলীত "অ মোৰ ধৰিত্ৰী আই" শীৰ্ষক মুকাভিনয় পৰিৱেশন কৰে। দলটোৱে মুকাভিনয় প্রদর্শন কৰা মহানগৰীৰ স্থানসমূহ হৈছে দীপৰ বিল,মালিগাঁও চাৰিআলি, দীঘলীপুখুৰী আৰু চানমাৰি।
ইফালে,গুৱাহাটী মহানগৰীৰ সমাজ কল্যাণ বিভাগৰ ৰাজ্যিক বাল ভৱন চৌহদত ৰাজ্যিক বাল ভৱনৰ অধ্যক্ষা কবিতা শৰ্মা ভট্টাচাৰ্যই পুৱা গছপুলি ৰোপনেৰে পৰিৱেশ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে।তাৰ পিছতে মুকাভিনয়ৰ জৰিয়তে মিনাংক ডেকাৰ দলটোৱে প্রদর্শন কৰে "অ মোৰ ধৰিত্ৰী আই"শীর্ষক সজাগতামূলক বাটৰ নাট।
উল্লেখ্য যে বিগত বৰ্ষতো বিশ্ব পৰিৱেশ দিৱসৰ দিনা যুৱ মুকাভিনেতা মিনাংক ডেকাই দীপৰ বিলক সংৰক্ষণ কৰাৰ বাৰ্তালৈ "চৰাই জাক নহা হ'ল" শীৰ্ষক মুকাভিনয় পৰিৱেশন কৰিছিল। ইতিমধ্যে মুকাভিনয়ৰ জৰিয়তে মিনাংক ডেকাই সমাজৰ বিভিন্ন স্পর্শকাতৰ বিষয়সমূহ জনসাধাৰণ মাজত প্ৰদৰ্শন কৰি ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।একেদৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান হিচাপে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে প্ৰকৃতিৰ সংৰক্ষণৰ প্ৰতি সদায় দায়বদ্ধ মিনাংক ডেকাই দিপৰ বিলক সুৰক্ষিত কৰাৰ বাবে "চেভ দিপৰ বিল" শীৰ্ষক যি জনমুখী আন্দোলন ইতিমধ্যে গঢ়ি তুলিছে সেই আন্দোলনে দেশৰ লগতে এতিয়া বিদেশতো সমাদৰ লাভ কৰিছে।
- Log in to post comments
- 28 views