পবিত্ৰ ঈদৰ দিনাই দেশৰ ৫ কোটি মুছলমান ছাত্ৰ ছাত্ৰীৰ বাবে "প্ৰধান মন্ত্ৰীৰ ছাত্ৰ বৃত্তি" আঁচনি ঘোষণা

muktar

নিউজ ডেস্ক :

সমগ্ৰ বিশ্বৰ লগতে আজি ভাৰততো পালন কৰা হৈছে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ঈদ ।এমাহৰ ৰোজাৰ অন্তত আয়োজিত পবিত্ৰ ঈদৰ দিনাই কেন্দ্ৰীয় চৰকাৰে দেশৰ মুছলমান শিক্ষাথী সকলৰ বাবে ঘোষণা কৰিছে এক বিশেষ উপহাৰ। মুছলমান ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাৰ দিশত আগবঢ়াই নিয়াৰ বাবে ঘোষণা কৰিছে "প্ৰধানমন্ত্ৰীৰ ছাত্ৰ বৃত্তি" নামৰ এক বিশেষ আঁচনি। উল্লেখ্য যে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে ঘোষণা কৰা অনুসৰি অহা পাঁচ বছৰলৈ দেশৰ পাঁচকোটি মুছলমান শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব এই  বৃত্তি। তাৰ ভিতৰত ৫০ শতাংশ কেৱল ছাত্ৰী সকলৰ বাবে সংৰক্ষিত থাকিব। মন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে এই বৃত্তি লাভ কৰাৰ বাবে ইয়াৰ আৱেদন প্ৰক্ৰিয়াও সহজ সৰল কৰি তোলা হ'ব। তেওঁ লগতে কয় এই বৃত্তিয়ে মুছলমান সমাজৰ ছাত্ৰী-ছাত্ৰী সকলক শিক্ষাৰ গ্ৰহণৰ প্ৰতি আকৰ্ষিত কৰি তুলিব। বিশেষকৈ ৫০শতাংশ ছাত্ৰীৰ বাবে সংৰক্ষিত থকাৰ মূলতে হল মুছলমান সমাজৰ ছাত্ৰীসকলক শিক্ষাৰ গ্ৰহণৰ প্ৰতি উৎসাহিত কৰা।

আনহাতে মন্ত্ৰীগৰাকীয়ে আৰু কয় এই পাঁচ বছৰ বিশ্বাসৰ পথত বিকাশৰ গাড়ী দ্ৰুত গতিত পৰিচালিত কৰোৱাটোৱে আমাৰ মূল লক্ষ্য। সমাজৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিবলৈ বিশ্বাসৰ পথত এতিয়া নাথাকিব কোনো স্পীদ ব্ৰেকাৰ।

ইয়াৰ উপৰিও তেওঁ কয়  মুছলমান ছাত্ৰী সকলৰ শিক্ষাত উৎসাহ যোগোৱাৰ বাবে অতি সোনকালে আৰম্ভ হব "পঢ়ো-বঢ়ো" নামৰ আন এক অভিযান।

Your Comments