লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
বুধবাৰে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ত্যাগৰ উৎসৱ পৱিত্ৰ ঈদ-উল- ফিতৰ।তাৰ বাবে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ আৰু ব্যস্ততা।
সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ(আমছু)ৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দিলোৱাৰ হুছেইনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে সমগ্ৰ অসম তথা ভাৰতবাসীলৈ পৱিত্ৰ ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনাইছে।পৱিত্ৰ ঈদে জনসমাজত সম্প্ৰীতি,শান্তি-সমৃদ্ধি আৰু ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰক- তাৰেই আশা কৰিছে জিলা সভাপতি হুছেইনে।
- Log in to post comments
- 19 views