লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰালীমাৰী বজাৰত সোমবাৰে নিশা প্ৰায় ৯.৩০বজাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড।অগ্নিকাণ্ডটোত ১০ টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰায় ৫০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হোৱাৰ লগতে প্ৰায় ২৫ জনকৈ লোক আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বজাৰখনত থকা ছাহাৰা কোম্পানীৰ প্ৰতিষ্ঠানটোত জ্বলোৱা ধূপৰ পৰাই অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটে।
পৰৱৰ্তী সময়ত প্ৰায় শতাধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত থকা আন এটা ব্যৱসায়িক প্ৰতিষ্ঠানত জুই লাগি ৯ টাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ হৈ নিমিষতে জুই বিয়পি পৰাত ৰাইজৰ মাজত হুৱা-দুৱা লাগে। প্ৰায় তিনিশ মিটাৰ দূৰত্বত চিটিকি পৰে চিলিণ্ডাৰৰ অৱশিষ্ট অংশবোৰ।
ঘটনাস্থলীত চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও বজাৰখনৰ মহলদাৰে অধিক মুনাফা পাবলৈ অতি ঠেকভাৱে বজাৰৰ গলিবোৰ নিৰ্মাণ কৰাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বজাৰখনত প্ৰৱেশ কৰিবলৈ অসুবিধাৰ সন্মুখীন হয়।অৱশেষত পাম্পিং পদ্ধতি অৱলম্বন কৰি অগ্নি নিৰ্বাপন কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে।
- Log in to post comments
- 10 views