চেঙাৰ পৰা সুৰজিৎ পাঠকঃ,২৭মে', :
বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰ তথা তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেনিমাৰী গাঁৱৰ এজন ব্যৱসায়ী শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । নিৰুদিষ্ট লোকজন নগৰ সিকদাৰ(৪৫) বুলি জানিব পৰা গৈছে। নগৰ সিকদাৰে পুৰণি গাড়ীৰ ব্যৱসায় কৰে। শনিবাৰে কোনো অজ্ঞাত লোকে ফোন কৰি ভঙা গাড়ী থকা বুলি কোৱাত তেওঁ গাড়ী কিনিবলৈ ওলাই গৈছিল । তাৰপিছৰে পৰা লোকজন সন্ধানহীন আছে। নগৰ সিকদাৰৰ মোবাইলৰ চুইছ বন্ধ হৈ থকাত পৰিয়ালৰ লোকে যোগযোগ কৰাত ব্যৰ্থ হৈছে আৰু চিন্তান্বিত হৈ পৰিছে ।বিভিন্ন ঠাইত বিচাৰ- খোচাৰ কৰিও কোনো সম্ভেদ পোৱা নিৰুদ্দিষ্ট লোক জনৰ । নতুনকৈ ক্ৰয় কৰা নম্বৰবিহীন পালছাৰ বাইকখন লৈ ঘৰৰ পৰা ওলাই যোৱা নগৰ সিকদাৰৰ লগত লক্ষাধিক টকাও আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।নগৰ সিকদাৰে কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ আশংকা কৰিছে পৰিয়ালৰ লোকে।ইতিমধ্যে তাৰাবাৰী আৰক্ষী থানাত নগৰ সিকদাৰ নিৰুদ্দেশ হোৱা সন্দৰ্ভত এক গোচৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। নিৰুদিষ্ট নগৰ সিকদাৰৰ কোনো সম্ভেদ পালে ৯০২৭২২৮৯৫৭ নম্বৰ অথবা ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।
- Log in to post comments
- 6 views