হোটেল ৰাজমহলত এছিয়ান ফুড ফেষ্টিভেল

হোটেল ৰাজমহলত এছিয়ান ফুড ফেষ্টিভেল

খাদ্য ৰসিকসকলৰ বাবে হোটেল ৰাজমহলত এক বিশেষ আয়োজন । অহা ১০ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈকে আয়োজন কৰা হ'ব এছিয়ান ফুড ফেষ্টিভেল । বৃহস্পতিবাৰে এখন সংবাদমেলযোগে এই কথা সদৰী কৰে হোটেল ৰাজমহলৰ কৰ্তৃপক্ষই ।

এছিয়ান ফুড ফেষ্টিভেলৰ বিশেষ আকৰ্ষণ হ'ব কক'নাট চুপ আৰু ইণ্ডোনেছিয়াৰ খাদ্যসম্ভাৰ । আনহাতে, খাদ্য ৰসিকসকলে এই খাদ্যৰ ৰন্ধন প্ৰক্ৰিয়াও শিকিব পাৰিব চেফসকলৰ পৰা । প্ৰতি বছৰৰ দৰে এইবাৰো হোটেল ৰাজমহলে সকলোৰে সহযোগিতা কামনা কৰিছে ।

ইয়াৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ চেফৰ হাতেৰে তৃপ্তিৰে এসাঁজৰ জুতিও ল'ব পাৰিব সকলোৱে । সংবাদমেলখনত মেনেজাৰ সুভাষ ঝা, চেফ দীপক ৰয়, জেনেৰেল মেনেজাৰ পাৰ্থ চেটাৰ্জী উপস্থিত থাকে ।
 

Your Comments