বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী
কাছাৰৰ গুমড়াত চলিছে ড্রাগছ,হেৰোইনৰ ৰমৰমীয়া ব্যৱসায়।এই বিষয়ত আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ হৈছে স্থানীয় ৰাইজ।ড্রাগছ,হেৰোইনৰ ব্যৱসায়ীৰ লগত কাটিগড়া আৰু গুমড়া আৰক্ষীৰ গোপন বুজাবুজি আছে বুলি অভিযোগ উত্থাপন হৈছে।এই অভিযোগ উত্থাপন কৰিছে পশ্চিম কাটিগড়াৰ বিভিন্ন দল-সংগঠন আৰু সচেতন নাগৰিকসকলে।
ড্রাগছৰ এই বেহাত সমাজবিৰোধী চক্ৰই নতুন চিণ্ডিকেট গঢ়ি তুলিবলৈ সক্ষম হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।গুমড়াত এই চিণ্ডিকেটত ফাৰুক আহমদ আৰু আহমেদৰ দুই-তিনিজন সংগী জড়িত আছে বুলি অভিযোগ উত্থাপন হৈছে।ব্যক্তিকেইজনৰ ঘৰ গুমড়া আৰু খেলমাত বুলি জানিব পৰা গৈছে।
পশ্চিম কাটিগড়াৰ বৃহৎ এলেকাত ড্রাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা ৰহস্যজনক বুলি ৰাইজে অভিযোগ উখাপন কৰিছে।কাৰণ,দিন-দুপৰতেই কাছাৰৰ গুমড়া আৰক্ষীৰ চকীৰ নিকটৱর্তী গুমৰা বজাৰত ড্রাগছৰ অবাধ বেহা চলি আছে।ড্ৰাগছৰ বেহাৰ বাবে বৃহত্তৰ এলেকাৰ যুৱপ্রজন্মৰ একাংশ ধ্বংসৰ মুখলৈ আগবাঢ়িছে।
- Log in to post comments
- 65 views