পাঠশালাৰপাঠশালাৰ সমীপৱৰ্তী ভোগপুৰৰ এগৰাকী ছাত্ৰ নিখোজ

pathsala

বজালীৰ পৰা মৃণ্ময় পাঠকৰ প্রতিবেদন :
বজালী মহকুমাৰ সদৰ পাঠশালাৰ সমীপৱৰ্তী ভোগপুৰৰ এগৰাকী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ২৪ মেৰ পৰা নিৰুদ্দেশ হৈ আছে । পাঠশালা আৰক্ষী চকীৰ অন্তৰ্গত ভোগপুৰ গাঁওৰ অৱসৰপ্ৰাপ্ত শিক্ষক জগদীশ শৰ্মাৰ একমাত্ৰ পুত্ৰ চিন্ময় শৰ্মাই এইবাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । পৰীক্ষা সমাপ্ত হোৱাৰ পিছৰে পৰা পাঠশালাত এটি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কাৰি আহিছিল ।

ছাত্ৰ জনে আনদিনাৰ দৰে কালি পুৱাও ৭:৩৫ বজাৰ ঘৰৰ পৰা কম্পিউটাৰ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে পাঠশালালৈ ওলাই আহে যদিও সন্ধিয়া পৰ্যন্ত ঘৰলৈ উভতি নোযোৱাত আৰু ছাত্ৰ জনৰ মোবাইল ফোনটো বন্ধ হৈ থকাত  পৰিয়ালৰ লোকে চিন্তিত হৈ পৰে আৰু বিচাৰ- খোচাৰ আৰম্ভ কৰে যদিও অদ্যাপি বিচাৰি নোপোৱাত পাঠশালা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও একো তথ‍্য উলিয়াবলৈ সক্ষম হোৱা নাই । আনহাতে ছাত্ৰ জনৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী অথবা ৮৬৩৮৮-৮০৩৭২ ,  ৯৯৫৭৮-২৪৮৫৫ আৰু ৮৬৩৮৫- ২৮৮১৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায় ।
 

Your Comments