গোলাঘাটৰ পৰা মুন বৰাৰ প্ৰতিবেদন :
অসমৰ ভুমিপুত্ৰ কৈৱৰ্তসকলৰ বৌদ্ধিক আৰু সাংস্কৃতিক বিকাশ সাধনৰ লগতে কৈৱৰ্তসকলৰ গৌৰৱময় ইতিহাস আৰু ঐতিহ্যক পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে গোলাঘাটত জন্ম হ'ল ,"কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা,অসম"। গোলাঘাট নগৰৰ পৌৰসভাৰ "লক্ষ্মীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহ"ত ২৬ মে' দেওবাৰে অনুষ্ঠিত নাগৰিক সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ড.প্ৰফুল্ল হাজৰিকা দেৱক মুখ্য উপদেষ্টা ,শ্ৰীযুত সুতৰাম দাসক সভাপতি,শ্ৰীযুত তিলক চন্দ্ৰ দাসক কাৰ্যকৰী সভাপতি আৰু শ্ৰীযুত জিতুল দাসক সম্পাদক হিচাপে লৈ এঘাৰ জনীয়া 'কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা,অসম"ৰ এঘাৰজনীয়া তদৰ্থ সমিতি গঠন কৰা হয় |
বিশিষ্ট লেখক আৰু বুৰঞ্জীবীদ সুতৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত নাগৰিক সভাত উদ্দেশ্য ব্যাখ্যা কৰে পৰমানন্দ দাসে।উদ্দেশ্যে ব্যাখ্যা কৰি দাসে কয় যে অসমৰ ভুমিপুত্ৰ কৈৱৰ্তসকলৰ গৌৰৱময় ইতিহাস আৰু ঐতিহ্য পোহৰলৈ আনিবৰ বাবে সংঘবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজন আৰু সমগ্ৰ কৈৱৰ্তৰ বৌদ্ধিক সমাজে এই দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি আহিব লাগিব |অসমীয়া সভ্যতা আৰু ভাষা-সংস্কৃতিলৈ অনন্য অৱদান আগবঢ়োৱা কৈৱৰ্তসকলৰ বৌদ্ধিক উত্তৰণৰ বাবে সাহিত্যকৰ্মত আত্মনিয়োগ কৰিব লাগিব বুলি তেখেতে বক্তব্য ৰাখে |নাগৰিক সভাত গুণকান্ত ভড়ালীক সভাপতি আৰু স্যমন্ত দাসক সম্পাদক হিচাপে লৈ "কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা"ৰ গোলাঘাট জিলাৰ তদৰ্থ সমিতিখনো গঠন কৰা হয় |
আজি নাগৰিক সভাৰ পূৰ্বে ড. প্ৰফুল্ল হাজৰিকা দেৱৰ সঞ্চালনাত "অসমৰ কৈৱৰ্ত সকলৰ ইতিহাস,ঐতিহ্য আৰু জাতিৰ পুন:নিৰ্মাণ" সম্পৰ্কত এখনি ছেমিনাৰ অনুষ্ঠিত কৰা হয় ।ছেমিনাৰত জয়ন্ত দাস,জিতুল দাস,দীপেন দাস,জয়চন্দ্ৰ দাস ,তিতাৰাম দাসৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিৰ তথ্য সম্বলিত প্ৰতিবেদন পাঠ কৰা হয়।সঞ্চালক ড. হাজৰিকাই ঐতিহাসিক হৰপ্পা-মহেঞ্জোদাৰোৰ লগতে ভাৰতীয় সভ্যতা গঢ় দিয়াত দ্ৰাবিড় নৃগোষ্ঠীয় কৈৱৰ্ত কৈৱৰ্ত সকলৰ ভুমিকা সম্পৰ্কত বহলাই আলোকপাত কৰে | ইতিহাস অধ্যয়ন আৰু সাহিত্য চৰ্চাৰ জৰিয়তেহে এটা জাতিয়ে উত্তৰণৰ বাট মুকলি কৰিব পাৰে বুলি বক্তব্য ৰাখি কৈৱৰ্ত সকলৰ ইতিহাসৰ সমলসমূহ বিস্তৃতভাৱে ডাঙি ধৰে |
- Log in to post comments
- 119 views