মাজুলীৰ প্ৰতিনিধি
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ গড়কাপ্তানী বিভাগ তথা ঠিকাদাৰৰ বাবে মাত্ৰ চাৰি বছৰতে ফুলনি মায়েঙীয়া গড়কাপ্তানী পথৰ অভয়পুৰ অংশত সৃষ্টি হোৱা বৃহৎ সুৰংগ সদৃশ গাঁতৰ বাবে যিকোনো সময়তে সংঘটিত হ'ব পাৰে দুৰ্ঘটনা।ফলত অঞ্চলবাসী লোকে শংকিত হৈ পৰিছে।উল্লেখ্য যে মাজুলী জিলা গড়কাপ্তানী বিভাগৰ অধীনৰ তথা উজনি মাজুলীৰ অতি গুৰুত্বপূৰ্ণ,ব্যস্ত পথ ফুলনি-মায়েঙীয়া পথৰ উন্নয়নৰ বাবে যোৱা চাৰি বছৰৰ পূৰ্বে উক্ত পথটো বহু লাখ টকাৰে ব্লেক টপিঙৰ আচঁনি ৰূপায়ণ কৰিছিল । পিচে সংলিষ্ট গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰী পক্ষৰ মাজত হোৱা গোপন বুজাবুজি তথা অনিয়মৰ আশ্ৰয় গ্ৰহণ কৰি আচঁনিৰ কাম অতি নিম্নমানেৰে ৰূপায়ণ কৰাৰ পৰিপ্ৰেক্ষিততে মাত্ৰ চাৰিটা বছৰত বিভিন্ন স্থানত ভাগি-ছিগি যোৱাৰ লগতে বৃহৎ আকাৰৰ সুৰংগ সৃষ্টি হৈছে।এই সুৰংগটো এডাল বাঁহৰ সমান দীঘল।
তদুপৰি,বিভিন্ন অংশত ব্লেক টপিংবোৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনাৰ সন্মুখীন হৈছে অঞ্চলটোৰ অভয়পুৰ, ভকতিদুৱাৰ,নৰসিংহ, ৰাঙলী বাহাৰ,চিৰাম দেউৰী,শুকানসুতি,শিলিখাগুৰি, বোকাজান আদিকে ধৰি কুৰিখন গাঁৱৰ জনসাধাৰণ । পথটোৰ এই দুৰৱস্থাই মাজুলীৰ উন্নয়নৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে । উন্নয়নৰ ঢাকঢোল বজোৱা ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত পথৰ মাজত বহু বৃহৎ গাঁত সৃষ্টি হোৱাৰ পিছতো গড়কাপ্তানী বিভাগে কুম্ভকৰ্ণৰ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে।ফলত স্থানীয় লোকে বস্তাত মাটি ভৰাই গাঁতটো পুতিবলৈ চেষ্টা কৰিছে।অভয়পুৰ গাঁৱৰ কাষতে থকা শিলিখাগুৰি গাঁৱৰ অংশতো পৰিৱেশ বোকাময় হৈ পৰিছে। বছৰ- বছৰ ধৰি ৰাইজে দুৰ্ভোগ ভুগি থকাৰ পিছত পথটোৰ ওপৰত সামান্য পৰিমাণে শিল-বালি পৰি আছে যদিও এতিয়াও আৰম্ভ হোৱা নাই পথটোৰ মেৰামতিৰ কাম।ইফালে, ব্যাপক হাৰত চলাচল কৰা ডাম্পাৰ,ট্ৰাকৰ হেঁচাত পথৰ অৱস্থা হৈ পৰিছে অতিকৈ শোচনীয়।
- Log in to post comments
- 16 views