নগাঁৱত আমছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

mm

নগাঁৱৰ পৰা ৱাহিদুদ জামান

 

'জ্যোতিপ্ৰসাদ আগৰৱালাই ৭০ বছৰৰ আগতেই মিঞাসকলক ন-অসমীয়া বুলি কৈ গৈছে।ইয়াৰ পিছতো এই জনগোষ্ঠীটোৱে আকৌ নিজকে অসমীয়া বুলি নতুনকৈ পৰিচয় দিয়াৰ প্ৰয়োজন নাই।'- এই মন্তব্য বিশিষ্ট চিকিৎসক তথা সমালোচক ডাঃ নৱনীল বৰুৱাৰ।দেওবাৰে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন, চমুকৈ 'আমছু'ৰ কেন্দ্ৰীয় ৩৯ সংখ্যক শ্বহীদ দিৱসত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি এইদৰে মন্তব্য কৰাৰ লগতে ডা:বৰুৱাই কয়, বৰ্তমান কেন্দ্ৰত বিজেপি চৰকাৰ আহিলেই বুলি ধৰ্মীয় সংখ্যালঘু লোকসকলে ভয় খাব নালাগে। তেওঁ এনআৰচিৰ আপত্তিৰ নামত একাংশ জাতীয় সংগঠনে যি হাৰাশাস্তি কৰিছে সেই সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি কয়, আপত্তিৰ নামত অযথা হাৰাশাস্তি কৰাটো উচিত হোৱা নাই। এই ক্ষেত্ৰত এই জনগোষ্ঠীৰ লোকসকল ভয় খাব নালাগে। কাৰণ এনে অপচেষ্টাক প্ৰকৃততে গৰিষ্ঠসংখ্যক খিলঞ্জীয়া মানুহেও ভাল পোৱা নাই। আমাৰ মাজত হিন্দু-মুছলমানৰ বিভাজন অনাটো উচিত নহয় বুলি উল্লেখ কৰি ডাঃ বৰুৱাই লগতে কয়,  একতাৰ দ্বাৰাহে অসমৰ সামগ্ৰিক উন্নতি সম্ভৱ, অন্যথা ই সম্ভৱ নহয়। অসমৰ অৰ্থনীতিত ধৰ্মীয় সংখ্যালঘু লোকৰ  যথেষ্ট প্ৰভাৱ আছে। সেয়ে এই জনগোষ্ঠীটোক মূলসুঁতিৰ অসমীয়া সমাজৰ পৰা আতৰাই ৰখা উচিত নহ'ব।  এটা দুষ্ট চক্ৰ‌ই অসমৰ অসমীয়াৰ ওপৰত অসমীয়াত্বৰ পৰিবৰ্তে হিন্দীবাদীৰ প্ৰভুত্ব জাপি দি অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকি আনিব বিচাৰিছে বুলি তেওঁ মন্তব্য কৰে।এই ক্ষেত্ৰত জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে সকলো অসমীয়াই সজাগ থাকিব লাগিব বুলি তেওঁ কয়।

 

'আমছু'ৰ কাৰ্যকৰী সভাপতি আইনুদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত সভাত ছাত্র সংগঠনটোৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে কয়, প্ৰকৃততে ভাৰত বিভাজন এটা ভুল আছিল। একাংশ কট্টৰপন্থী হিন্দু আৰু মুছলমান নেতাৰ ৰাজনৈতিক ক্ষমতা কুক্ষিগত কৰাৰ বাবেই ভাৰতবৰ্ষখন বিভাজিত হ'ল। আমাৰ দেশ বিভাজন নঘটা হ'লে আজি সংখ্যালঘু লোকৰ ওপৰত নাগৰিকত্বৰ নামত অযথা হাৰাশাস্তিৰ সন্মুখীন নহ'লহেতেন। সম্প্ৰতি এনআৰচি প্ৰস্তুতকৰণৰ নামত বিশেষকৈ সংখ্যালঘু লোকৰ ওপৰত হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি পুনৰ মন্তব্য কৰি ৰহমানে কয়, বিজেপি চৰকাৰ অহাৰ পিছত সংখ্যালঘু লোক সকলে ভয় খাইছে। কিন্তু ভয় খোৱাৰ প্ৰয়োজন নাই। কাৰণ এইখন ধৰ্মনিৰপেক্ষ দেশত কোনেও আমাক অত্যাচাৰ কৰিব নোৱাৰে। আমছু নেতাগৰাকীয়ে একাংশ দল-সংগঠনৰ নেতাই দীৰ্ঘদিন ধৰি সংখ্যালঘু লোকক লৈ ৰাজনীতি কৰি আহিছে বুলি  মন্তব্য কৰে।

 

মুকলি সভাখনত আমছুৰ সভাপতি ৰেজাউল কৰিম, আইনী উপদেষ্টা খাদ্দাম হুছেইন, আমছুৰ সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন, শিক্ষাবিদ লুতফুৰ ৰহমান, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জালাল উদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত কৰ বিষয়া আব্দুল মজিদ ফাৰুকী, প্ৰাক্তন আমছু নেতা ক্ৰমে নুৰুল আমিন, ফজলুল হক মৰল, চৰকাৰ গিয়াছ উদ্দিন আহমেদকে আদিকে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰ পিছত শ্বহীদ তৰ্পন অনুষ্ঠানত ১৯৮০ চনৰ ২৬ মে'ত নিজৰ।জনগোষ্ঠীয় অধিকাৰ বিচাৰিবলৈ গৈ বিজনী, লেংটিছিঙা, নগাঁৱকে ধৰি অসমৰ বিভিন্ন স্থানত আৰক্ষীৰ গুলীত নিহত হোৱা আমছুৰ ২২ গৰাকী কৰ্মীৰ শ্বহীদ বেদীত শ্ৰদ্ধা তৰ্পন কৰে ৰাজ্যৰ ভিন্ন জিলাৰ পৰা আমছু কৰ্মীসকলে।

Your Comments