বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ :
বৰপেটা জিলা সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনখনি আজি বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হয় ৷
এই উপলক্ষে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে ৷বৰপেটাৰোড সাহিত্য সভাৰ সম্পাদক কুলেন চৌধুৰীয়ে পৰিচালনা কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোতশ্ৰদ্ধাঞ্জলি নিবেদন কৰে বৰপেটা জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি লাচিত কলিতাই ৷
আনহাতে, জি এল আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে গোবিন্দ তালুকদাৰ, বিষ্ণু ৰাভাৰ প্ৰতিকৃতিত নবীন কলিতাই আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে অৰুণ দাসে ৷লাচিত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক সৃজন নাথৰ প্ৰৱন্ধ বিচিত্ৰা গ্ৰন্থখনি উন্মোচন কৰা হয় ৷আবেলি অনুষ্ঠিত জিলা কাৰ্য্যনিৰ্বাহক সভাত জিলাখনত সাংগঠনিক দিশ, প্ৰকাশনৰ ওপৰত বিশেষ গুৰুত্ব দি কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷
আজিৰ এই অধিবেশনত কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্য্যালয়ৰ সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শৰ্মা, প্ৰকাশন আহ্বায়ক মানিক আহমেদ, কাৰ্য্যনিৰ্বাহক সদস্য গোবিন্দ কলিতা আৰু সাংস্কৃতিক বিভাগৰ সহকাৰী আহ্বায়ক চৈয়দ আবু মতলিবে উপস্থিত থাকি সাহিত্য সভাৰ প্ৰসাৰ আৰু সাংগঠনিক কাম কাজত সদস্য সকলক আৰু অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ৷
- Log in to post comments
- 8 views