বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী
সপ্তদশ লোকসভা নির্বাচনৰ ভোটগণনা প্রক্রিয়া ২৩ মে'ৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব।বৰাকৰ দুই আসন শিলচৰ আৰু কৰিমগঞ্জৰ ভোটগণনাৰ ভাৱে সাজু হৈ উঠিছে চৰকাৰী কর্মচাৰী।কাছাৰৰ উপায়ুক্ত ডঃ লয়া মাদুৰীয়ে জানিবলৈ দিয়া মতে,শিলচৰৰ নেট্রীপ হলত ভোটগণনাৰ বাবে সাজু মুঠ ৪৮৫ গৰাকী কৰ্মচাৰী।আনহাতে,কৰিমগঞ্জৰ ভোটগণনাৰ পর্যবেক্ষনৰ বাবে বিহাৰ চৰকাৰৰ বিভাগীয় যুটীয়া সচিব ৰাধাকিশোৰ ঝা মঙলবাৰে কৰিমগঞ্জত আহি উপস্থিত হৈছে।
উল্লেখ্য,ভোট গণনাৰ পিছত হাইলাকান্দিত কোনেও উলিয়াব নোৱাৰিব বিজয় শোভাযাত্ৰা।ব্যৱহাৰ কৰিব নোৱাৰিব আতছবাজী।হাইলাকান্দিৰ শেহতীয়া ঘটনাৰ বাবে জিলা প্রশাসনে এনে সিদ্ধান্ত লৈছে বুলি সাংবাদিকক জানিবলৈ দিছে হাইলাকান্দিৰ উপায়ুক্ত কীর্তি জলীয়ে।
- Log in to post comments
- 40 views