ৰঞ্জিত তালুকদাৰ, বৰপেটাৰোড :
বৰপেটাৰোডৰ এখন আগশাৰীৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয় ছেণ্ট মেৰিজ হাই স্কুলত সহপাঠীৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হৈছে এজন নার্চাৰীৰ ছাত্ৰ । ছাত্ৰ জনৰ নাম আল্ড্রিন গয়াৰী। বৰপেটাৰোডৰে আলেকজেণ্ডাৰ গয়াৰী আৰু জয়া ৰয়ৰ সন্তান আল্ড্রিন গয়াৰীক কালি স্কুল ছুটীৰ কিছু সময় পূর্বে কণমানি শিশুটি তিনিজন সহপাঠীৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন হবলগীয়া হৈছে। শিশুটিৰ মুখ মণ্ডলত কামোৰৰ দাগ প্রত্যক্ষ হয়। লগতে কাণ,হাততো আঘাত পাইছে। যাৰ বাবে শিশুটিৰ পিতৃ মাতৃ য়ে আজি বিদ্যালয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰা বুলি জনাইছে। বিদ্যালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হব। নার্চাৰীৰ ছাত্ৰ ছাত্ৰীৰ মাজত কাজিয়া তথা মাৰপিটৰ ঘটনাই নৱপ্ৰজন্মৰ ভবিষ্যৎ কোন দিশে গতি কৰিছে সেয়া অনুমান কৰিব পাৰি! কালিৰ ঘটনাৰ পিছত আহত ছাত্ৰ ( বয়স তিনি বছৰ চাৰি মাহ )জনে এজন সহপাঠীক চিনাক্ত কৰিছে! এতিয়া কথাটো হৈছে ঘটনাটোত জড়িত শিশু সকলৰ ভিতৰত কাৰ ভুল কোৱা টান! কিন্তু এনে হবলৈ পালে কিয় বা
এই ঘটনা সংঘটিত হল কিয়, সেয়া বিদ্যালয় কৰ্তৃপক্ষই তদন্ত কৰিলে ওলাই পৰিব। ভৱিষ্যতে বিদ্যালয় কৰ্তৃপক্ষই এই দিশত যথেষ্ট গুৰুত্ব দিয়া উচিত হব।
- Log in to post comments
- 9 views