বঙাইগাঁও জিলা আক্ৰাছুৰ কাৰ্যনিৰ্বাহক সভা,চিলাৰায় সেনাৰ জিলা সমিতি ভংগ 

akrasu

বঙাইগাঁওঃ ১৯ মেঃ

সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা আজি বঙাইগাঁৱত  অনুষ্ঠিত হয় ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সভাখনত সভাপতিত্ব কৰে জিলা আক্ৰাছুৰ সভাপতি গোলাপ পাঠকে ৷ সভাত সাংগঠনিক দিশৰ লগতে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় ৷ ইপিনে এই সভাতে সৰ্বসন্মত প্ৰস্তাৱমৰ্মে আক্ৰাছুৰ ভাতৃ সংগঠন চিলাৰায় সেনাৰ বঙাইগাঁও জিলা সমিতিখন ভংগ কৰি দিয়ে ৷ সভাত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ - ছাত্ৰীসকলক আক্ৰাছুৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনোৱাৰ লগতে অনুতীৰ্ণ ছাত্ৰ - ছাত্ৰীসকলে পুনৰবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে  আৰু তাৰ বাবে নিজকে সাজু কৰিবলৈ আহ্বান জনায় ৷ সভাত আক্ৰাছুৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পুৰেণ ৰায়, জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক দিলীপ বৰুৱাৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে  ৷ 

Your Comments