নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বাংঠাই গাঁৱৰ প্ৰতিভাবান মঞ্চ অভিনেতা তথা শৰীৰ চৰ্চাবিদ প্ৰাণজিৎ ৰাজবংশীৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় ।মৃত্যুৰ সময়ত ৰাজবংশীৰ বয়স আছিল ৩৬ বছৰ ।অসম আৰক্ষীৰ প্ৰাক্তন বিষয়া হৰেশ্বৰ ৰাজবংশীৰ কনিষ্ঠ পুত্ৰ প্ৰাণজিৎ বিগত এমাহ ধৰি যকৃতজনিত ৰোগত ভূগি চিকিৎসাধীন হৈ আছিল । পাঁচদিন পূৰ্বে প্ৰাণজিতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰিয়ালৰ সদস্যই গণেশগুৰিৰ দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰাইছিল ।উল্লেখযোগ্য যে এজন সু-নিপুণ মঞ্চ অভিনেতা হিচাপেও বৃহত্তৰ বেবেজীয়া অঞ্চলত পৰিচিত ৰাজবংশী নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন মঞ্চত সাৱলীল অভিনয়ৰে দৰ্শকৰ হৃদয়তত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।ইপিনে এজন প্ৰতিভাৱান শৰীৰ চৰ্চাবিদৰূপেও তেওঁ নগাঁও জিলাত বিশেষভাৱে পৰিচিত আছিল । প্ৰাণজিতে ২০০৫ চনত "জুনিয়ৰ মিষ্টাৰ নগাঁও"
খিতাপ অৰ্জন কৰাৰ লগতে "মিষ্টাৰ বিজুলী"কে ধৰি ৰাজ্যৰ বহু আগশাৰীৰ দেহশ্ৰী প্ৰতিযোগিতাত যোগদান কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । জে বি ক্লাৱৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ ৰাজবংশীয়ে অভিনয় আৰু ক্ৰীড়াৰ সমান্তৰালভাৱে যুৱ কংগ্ৰেছৰ এজন সক্ৰিয় কৰ্মী ৰূপে দলটোলৈ সেৱা আগবঢ়াই আহিছিল। আজি পুৱা প্ৰাণজিতৰ নশ্বৰদেহ বাংঠাই গাঁৱৰ বাসগৃহলৈ অনাৰ পাছত তেওঁৰ শুভাকাংক্ষীৰ লগতে গাঁওবাসীয়ে শোকপ্ৰকাশ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত প্ৰাণজিৎ
ৰাজবংশীয়ে পিতৃ,পত্নীৰ উপৰি এটি ছবছৰীয়া কন্যা আৰু এটি পাঁচ মহীয়া পুত্ৰ সন্তানক এৰি থৈ যায় ।
- Log in to post comments
- 40 views