নলবাৰীৰ পৰা হেমন্ত কলিতাঃ
এগৰাকী অতি মেধাৱী ছাএী । নাম সাগৰিকা ভাগৱতী(চিমি) ।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাগৰিকাই অাটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক সহ লাভ কৰিছে ৯৩ শতাংশ নংম্বৰ।
অাটাইকেইটা বিষয়ত লেটাৰ মাৰ্কলৈ উতীৰ্ণ হোৱা নলবাৰী জিলাৰ কৈৰাৰাৰ সাগৰিকাৰ সৰুৰে পৰাই দেখি আহিছে ডাক্তৰ হোৱাৰ সপোন । কিন্তু ছাত্ৰী সাগৰিকাৰ দেউতাকে কৰে ইলেক্ট্রিকেল মেকানিকৰ কাম । এনে অৱস্থাত ছাত্ৰী গৰাকীৰ চিকিৎসক হোৱাৰ সপোনৰ বাটত হেঙাৰ হৈ থিয় দিছে পৰিয়ালটোৰ আৰ্থিক অৱস্থাই । চপৰা-চপৰে খহি পৰিৱ অাৰাম্ভ কৰা ঘৰৰ বেৰৰ পৰা আৰম্ভ কৰি পঢ়া টেবুল খনলৈয়ো লক্ষ্য কৰিলে ছাত্ৰীজনীৰ দৰিদ্ৰতাৰ মান স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায় ।এনে চৰম দৰিদ্ৰতাকো প্ৰত্যাহ্বান জানাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৩ শতাংশ নংম্বৰ লাভ কৰা চিমি এইবাৰ যেন থমকি ৰ'ব লগা হৈছে মহাবিদ্যালয়ৰ দুৱাৰদলিত। যি কোনো এখন আগশাৰীৰ মহাবিদ্যালয়ত ছাত্ৰী গৰাকীক নামভৰ্তি কৰি শৈক্ষিক কেৰিয়াৰ আগবঢ়াই দিবলৈ যেন পৰিয়ালটো এতিয়া সম্পূৰ্ণ অসমৰ্থ। মেধাৱী ছাত্ৰী গৰাকীক কোনে সহৃদয় লোকে অকণমান আৰ্থিক সহায়েৰে আগবঢ়াই দিয়াৰ কামনা কৰিছে ছাত্ৰী গৰাকীৰ শুভাকাংশী আৰু ওচৰ চুবুৰীয়াই। মেধাৱী ছাত্ৰী চিমিৰ ডক্তৰ হোৱাৰ সপোনক দিঠক কৰিৱলৈ অাপুনিও জনাৱ পৰাৰে অকনমান সঁহাৰি৷ ছাত্ৰী গৰাকীক এই সম্পৰ্কত যোগাযোগ কৰিব বিচাৰিলে নিম্নলিখিত ফোন নম্বৰ সমূহত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে ছাত্ৰী গৰাকীৰ একাংশ শুভাকাংশীয়ে- ৯১০১৬৭০৭৩৫,৯১২৭৫৫২৯৬০
একাউন্ট নংম্বৰ 11080110054253
IFSC: UCBA0001108
- Log in to post comments
- 10 views