চেঙাৰ পৰা সুৰজিৎ পাঠক :
বৰপেটা জিলাৰ চেঙাৰ ঐতিহ্যমণ্ডিত ভণ্ডাবাবা সেৱাশ্ৰমত কালি দিনজোৰা কাৰ্যসূচীৰে বসন্ত উৎসৱ উদযাপন কৰা হয়।বৰ্ণাঢ্য কাৰ্যসূচীৰ অন্যতম মুকলি বিহু প্ৰতিযোগিতাত অসমৰ সাতটাকৈ আগশাৰীৰ বিহু হুঁচৰি দলে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ বাকৰি উন্মোচন কৰে চেঙা মণ্ডল বিজেপিৰ সভাপতি সঞ্জয় কুমাৰ মজুমদাৰে।
মুকলি বিহু প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে দহ হাজাৰ এটকা লাভ কৰে তামুলপুৰৰ টঙালি বিহুৱা দলে আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে সাত হাজাৰ এটকা লাভ কৰে বাইহাটাৰ মনব'হাগী বিহুৱা দলে। শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰে হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ অভিজিৎ দাস আৰু শ্ৰেষ্ঠা নাচনীৰ সন্মান লাভ কৰে একেটা দলৰে ভাস্বতী দাসে। প্ৰতিযোগিতাখনত বাইহাটাৰ মনব'হাগী বিহুৱা দল, তামুলপুৰৰ টঙালি বিহুৱা দল, নলবাৰীৰ গগণা বিহুৱা দল, বহৰিৰ মিলিজুলি বিহুৱা দল, হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দল, বৰপেটাৰ অম্বিকাগিৰি বিহুৱা দল আৰু পাঠশালাৰ নাজিতৰা বিহুৱা দলে অংশগ্ৰহণ কৰে।অনুষ্ঠানত জেং বিহু, একক আৰু দলীয় বিহু নৃত্য পৰিৱেশন কৰা হয় ।
প্ৰতিযোগিতাৰ শেষৰ ফালে বতৰে বিধি -পথালি দিয়ে যদিও বতৰৰ প্ৰতিকূলতাকো নেওচি নাচনীয়ে কঁকাল ভাঙি দৰ্শকক আপ্লুত কৰে । নিশা কেইবাগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰে।উল্লেখ্য যে মনোমোহা প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত বসন্ত উৎসৱৰ কাৰ্যসূচীৰ পাছত প্ৰাকৃতিক পৰিৱেশেৰে সুশোভিত হৈ পৰা ঐতিহাসিক ভণ্ডাবাবা সেৱাশ্ৰমখন পৰ্যটক ক্ষেত্ৰ হিচাবে গঢ়ি তুলিবলৈ সচেতন ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ।
- Log in to post comments
- 6 views